খাইতে শীত-তাপৰ পৰা শৰীৰক ৰক্ষা কৰিব- লৈকে সাজ-পাৰৰ প্ৰচলন হৈছিল যদিও ক্রমান্বয়ে ইয়াৰ লগত লজ্জা নিবাৰণ, শিষ্টাচাৰ, কচি, সামাজিক পৰিচয় আদিও জড়িত হৈ পবে। অসমীয়া সাজ-পাৰতো এইবোৰ লক্ষণ দেখা যায়। তদুপৰি অসমীয়া সাজ-পাৰৰ আন কেতবোৰ সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য আছে, যিয়ে অসমীয়া সাজ-পাৰক ভাৰতৰ আন বহু ৰাজ্যতকৈ পৃথক কৰি ৰাখিছে। অসমীয়া সাজ-পাৰৰ যোগেদি কেরল পুৰুষ-মহিলা চিনাক্ত কৰাই নহয়, ইয়াৰ পৰা ব্যক্তি এগৰাকী বিবাহিত নে অবিবাহিত, সংসাৰী নে সন্ন্যাসী, সধবা নে বিধবা, অভিজাত নে সাধাৰণ আৰু কেনে কচিবোধৰ তাৰো উমান পোৱা যায়।

অতীজতে অসমৰ পুৰুষে চুৰিয়া পিদ্ধিছিল। এতিয়াও বহু অসমীয়া লোকে চুৰিয়া পিন্ধে। সেইদৰে অতীজতে (এতিয়াও বহুলাংশে) অসমীয়া মহিলাৰ ঘাই সাজ আছিল বিহা-মেখেলা বা মেখেলা-চাদব।

প্রাচীন অসমৰ মূর্তি আৰু চিত্ৰবোৰৰ পৰা অসমীয়া সাজ-পাৰৰ বহু কথা জানিব পাৰি। কালিকা পুৰাণ, শ্রীহর্ষচৰিত, মধ্যযুগৰ চিত্ৰ- সম্বলিত পুথিবোৰত পুৰণি অসমৰ সাজ-পাৰৰ বহু নিৰ্ভৰযোগ্য সমল পোবা যায়।

আহোম স্বৰ্গদেউসকলৰ দিনত অসমীয়া সাজ-পাৰৰ বহুখিনি সলনি হয়। মোগলকে ধৰি আন কেইবাটাও দেশী-বিদেশী জাতিৰ সাজ-পাৰৰ প্ৰভাৱ অসমীয়া সাজ-পাৰত পৰিবলৈ ধৰে।

অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছবে পৰা অসমীয়া সাজ-পাৰৰ ওপৰত ভাৰতীয় আৰু বহির্ভাৰতীয়, বিশেষকৈ ইউৰোপীয় সাজ- পাৰৰ প্রভাব পৰিবলৈ ধৰে। পশ্চিমীয়া সাজ- পাৰৰ প্ৰভাৱে অসমীয়া সাজ-পাৰৰ বহুখিনি পৰিৱৰ্তন ঘটাইছে। ইয়াৰ লগতে চুবুৰীয়া জন- জাতীয় সাজ-পাৰৰ প্ৰভাৱো পৰিছে। সামাজিক মর্যাদা অনুসৰি অসমীয়া মানুহৰ সাজ-পাৰৰ পার্থক্য চকুত পৰে। কপাহী কাপোৰেই আছিল সৰ্বসাধাৰণ মানুহৰ প্ৰধান বস্ত্র। সম্ভ্রান্ত লোক- সকলে এবী, মুগা আৰু পাটৰ বস্তু পৰিধান কৰিছিল। মুগা কাপোৰ অসমীয়া সাজ-পাৰৰ প্রধান বৈশিষ্ট্য। তদুপৰি মেজাংকৰি পাট বুলি এবিধ বিশেষ পাটৰ বনকৰা কাপোৰো ব্যৱহাৰ কৰা হৈছিল।


■ গামোচা
গামোচা অসমীয়া সমাজত বহুল ব্যবহহৃত অংগবস্ত; অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচায়ক। গামোচা বুলিলে সাধাৰণতে আমি গা ধুই গা ধুই পানী টোকা সক কাপোৰখনকে বুজো যদিও অসমৰ জনজীৱনত ইয়াব ব্যৱহাৰৰ পৰিসৰ গভীৰ আৰু ব্যাপক। বিহুৱা ডেকাৰ মূৰত গামোচাখন থাকিবই, কঁকালতো গামোচা এখনেৰেই টঙালি বান্ধি লয়। সেইদৰে অসমৰ ঘাইকৈ গ্রামাঞ্চলব মানুহে কাম-কাজ কবোতে গামোচা এখনকে মেবাই লয়। মানীজনক সম্মান জনাবলৈকো গামোচা অপরিহার্য। সেইদবে পূজা-সেবাব সময়ত বা নামঘৰলৈ যাওঁতে গামোচাখন ডিঙিত মেৰিয়াই যোৱাটো অসমৰ এক সামাজিক পৰম্পৰা। নামঘৰৰ গুৰুৰ আসন বা সত্ৰৰ সিংহাসনতো গামোচা শ্রদ্ধা-ভক্তিব চিনস্বরূপে প্রদান কৰা হয়। বিহুবান হিচাপেও গামোচাৰ বিশেষ সমাদৰ আছে।

গামোচাৰ দীঘৰ দুইফালে পাৰি আৰু পথালিয়ে পাবি নাইবা ফুল থাকে। ফুলাম গামোচাখনৰ মান পাৰি দিয়াখনতৈক বেছি। সাধাৰণতে দৈনন্দিন তিয়নী হিচাপে ব্যৱহাৰ কৰা গামোচাখনত পাৰি থাকিলেও সম্মান জনাবলৈ ব্যৱহাৰ কৰা গামোচাখনত ফুল থাকে। গোসাঁইৰ সিংহাসনত দিয়া গামোচা- খনত বহুতে ভগৱানৰ নাম বা চিত্রও আঁচুবে (কাপোৰৰ আঁচলত ফুল তুলিবলৈ বং দিয়া সূতা) বাছি দিয়ে। প্রয়োজন আৰু ব্যৱহাৰ। অনুসৰি গামোচা কেইবা প্ৰকাৰৰ আছে। যেনে: টঙালি, বানী গামোচা, হাঁচতি, তামোল বন্ধা গামোচা, কঁকাল বন্ধা, গোঁসাই গামোচা আদি।

২০২২ চনত গামোচালৈ আগবঢ়োরা হয় জিআই (GI: Geographical indication) টেগ বা ভৌগোলিক স্বীকৃতি। এনে স্বীকৃতিয়ে সেই বিশেষ সামগ্রীবিধক সেই নির্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাবে উৎপাদন কৰাৰ অধিকাৰ দিয়ে, লগতে সামগ্রীবিধৰ আইনী সুৰক্ষাও সুনিশ্চিত কৰে।

সর্বসাধাৰণ অসমীয়াৰ বাবে ধুতী বা চুৰিয়াই আছিল প্রধান অধোবস্তু। কিন্তু তেওঁলোকে আঁঠুৰ ওপৰত ধুতী পিন্ধিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ পুৰুষে দুখন বস্তু পৰিধান কৰিছিল। এই দুইবস্ত্র আছিল ধুতী, উত্তৰীয় বা চাদব। এওঁলোকে ধুতী ভৰিৰ সৰু গাঁঠিলৈকে পৰাকৈ পিন্ধিছিল। এওঁলোকে সম্মুখৰ ফালে দীঘলকৈ থোৰ আঁৰি এটা আগেৰে দুয়োভৰিৰ মাজেৰে পিছলৈ পোন্ধ মাৰি লৈছিল। চাদৰ বা উত্তৰীয়ৰে শৰীৰৰ ওপৰ অংশ ঢাকি লৈছিল। এই চাদৰ লোৱাৰ পদ্ধতিও আছিল ভিন ভিন। আহোমসকলৰ দিনৰ পৰা বিভিন্ন ধৰণৰ চোলা, চাপকন আদিৰ প্ৰচলন হ'বলৈ ধৰিলে। দৰাচলতে এইটো সময়ৰ পৰাই মূৰত পাগুৰি মৰাকে ধবি অনেক শিবস্ত্রানবো প্রচলন হ'বলৈ ধৰিলে। আহোমসকলৰ ৰজাই মুকুট আৰু অন্যান্য ডা-ডাঙৰীয়াসকলে পাগুৰি মাৰিবলৈ লোৱাৰ কথা প্রসংগতে উল্লেখযোগ্য। সেইদৰে জাৰৰ দিনত গাত খনীয়া কাপোৰ লোৱাৰো প্রথা আছিল। গৰম কাপোৰ হিচাপে এবী কাপোৰৰ ব্যৱহাৰ অদ্যাপি অসমীয়া সমাজত বর্তমান। যদিও বিহা আৰু মেখেলা-চাদবকে

অসমীয়া নাৰীৰ জাতীয় পোছাক হিচাপে গণ্য কৰা হয়, তথাপি ধাৰণা হয় অসমীয়া নাৰীৰ প্রাচীনতম সাজ শাৰীহে। বিভিন্ন পৌৰাণিক বচনাত শাৰীৰ উল্লেখ থকাটো এই ক্ষেত্রত মন কৰিবলগীয়া। বহুতে আনকি বিহাকো শাৰীৰে চোলা মোনা তাঙৰণবুলিব খোজে। কিন্তু পৰৱর্তী কালত বিহা, মেখেলা আৰু চাদৰহে অসমীয়া নাৰীৰ প্রধান সাজ-পাৰ হিচাপে পৰিগণিত হয়। অনুমান কৰা হৈছে যে এই বিহা মেখেলা-চাদৰ তিবৃত-বৰ্মীসকলৰ পৰা বৈ আহি সময়ৰ পৰিক্ৰমাত অসমীয়া সাজ-পাৰ হিচাপে নিগাজীকে বহিল।

উচ্চ শ্ৰেণীৰ মহিলাই ভৰিৰ সৰু গাঁঠি- লৈকে পৰাকৈ মেখেলা পিন্ধে আৰু বিহাখনৰ এটা আঁচল কঁকালত খোচ মাৰি আৰু আনটো আঁচল তপিনাত মেৰিয়াই লৈ বুকুৰ ওপৰেদি নি পিঠিফালে লয়। বিবাহিতা মহিলাই আঁচল- টোৰে ওৰণিও লয়। উৎসব-অনুষ্ঠান আদি উপলক্ষ্যত বিহাৰ ওপৰত চাদৰ লোৱাৰ নিয়ম। আজিকালি অৱশ্যে বিহাৰ প্রচলন কমি প্রায় নোহোৱাৰ দৰেই হৈছে। পিছে সময়ৰ সোঁতে মেখেলা-চাদৰৰ ব্যৱহাৰ উটুৱাই নিব পৰা নাই। কপাহী আৰু পাট উভয়ৰে বিহা-মেখেলা আক চাদৰ তৈয়াৰ কৰা হয়।

সাধাৰণ অসমীয়া তিৰোতাইবুকুত মেঠনি। মাৰি আঁঠুৰ কিছু তললৈ পৰাকৈ মেখেলা পিন্ধে। প্রয়োজন আৰু সময় অনুসৰি গাৰ ওপৰ অংশত চাদৰ লয়। সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া সাজ-পাৰৰো পৰিবৰ্তন ঘটিবলৈ ধৰিছে। ইউৰোপীয় সাজ-পোছাকৰ উপৰি ভাৰতৰ অন্যান্য প্রদেশৰ সাজ-পানবো আমদানি হেছে। সেয়ে হ'লেও বিশেষকৈ অসমীয়া নাৰীয়ে নিজৰ ঐতিহ্যপূর্ণ সাজযোৰ এতিয়াও স-সন্মানেবে মৌলিকতা ৰক্ষা কৰি পৰিধান কৰে। সেইদৰে ধর্মীয় বা সামাজিক অনুষ্ঠানত সাধাৰণতে বগা কাপোৰৰ ব্যবহাৰ, পুজা আদিত বঙা কাপোৰৰ ব্যৱহাৰ, মৃতদেহ নতুন বগা কাপোৰেবে ঢকাৰ প্রথা এতিয়াও অসমীয়া সমাজত বৈশিষ্ট্যমূলক আচাৰ হিচাপে প্রচলিত হৈ আছে। বিহুত ডাঙৰজনক আৰু আপোন- জনক নতুন কাপোৰ বা নতুন গামোচা দিয়া সামাজিক আচাৰ অসমীয়া সমাজত পূৰণি কালৰে পৰা চলি আহিছে। অসমীয়া সমাজত ফুলাম গামোচাখনৰ এক সুকীয়া আৰু বিশিষ্ট মর্যাদা আছে। অসমীয়া নাবীয়ে অতীজতে নিজৰ সাজ-পাৰ নিজেই তৈয়াৰ কৰি লৈছিল। প্রতিগৰাকী নাৰীয়েই আছিল একোগবাকী নিপুণ শিপিনী, 'ছাঁতে শুকুর। মুঠিতে লুকুৱা' কাপোৰ অসমীয়া নাৰীয়ে তাঁতৰ পাটতে সৃষ্টি কৰিছিল। যুদ্ধত স্বামীক পিন্ধাই পঠিয়াবৰ বাবে ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ উলিয়া- ইছিল মহীয়সী অসমীয়া নাৰীয়ে। তাঁতৰ কাম নজনাটো এসময়ত অসমীয়া নাৰীৰ বাবে লাজৰ কথা আছিল। আধুনিক সভ্যতাৰ পৰশে আধুনিক যন্ত্রত তৈয়াৰী কাপোৰৰ প্ৰচলন বৃদ্ধি কৰিলেও এতিয়াও গাঁৱৰ প্রায় সকলো ছোৱালীয়েই তাঁত বব আৰু কাপোৰত ফুল বাছিব জানে। অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্যৰ প্রকাশক আৰু পৰিচয় বাহক এই তাঁত শিল্পব উত্তৰোত্তৰ উন্নতিৰ সময় উপস্থিত হৈছেহি।

নাৰীৰ সাজ-পাৰৰ নিচিনাকৈ অসমীয়া পুৰুষৰ সাজ-পোছাকতো পৰিবৰ্তনৰ উকলি জোকাৰটো বাৰুকৈয়ে অনুভূত হয়। দুই-এক সামাজিক আচাৰ-অনুষ্ঠানবৰ বাহিৰে অসমীয়া পুৰুষৰ সমাজত ধুতীৰ প্রচলন প্রায় নোহোৱাৰ দবেই হৈছে। ইয়াৰ ঠাই লৈছেহি বিদেশী, সংস্কৃতিৰ পৰা সুৱাগুৰি তুলি অনা কামিজ আৰু পটলুণ্ডে। বর্তমান এই দুয়োটাই অসমীয়া পুরুষ সমাজত বহুলভাবে প্রচলিত সাজ-পাৰ।

একেদৰে আগৰ কাঠৰ পাদুকা, অর্থাৎ, খৰমৰ ঠাই বিভিন্ন জোতাই ল'বলৈ আৰম্ভ কৰিলে। এই প্রসংগত কমৰ-বন্ধৰ নামো ল'ব লাগিব। 'হর্ষচষিত'ত ইয়াৰ উল্লেখ আছে।
কঁকালত মেৰিয়াই লোবা বস্তু কমৰ-বন্ধৰ সহায়ত যথাস্থানত বান্ধি বখা হৈছিল। এনে ধৰণৰ কমৰ-বন্ধৰ প্ৰচলন এতিয়াও ভালেমান জনজাতিৰ মাজত প্রচলিত।

যি কি নহওক, অসমীয়া সাজ-পাবে নিজস্ব বৈশিষ্টাৰে আজিও আদৃত আৰু সম্মানিত হৈ থাকিবলৈ সমর্থ হৈছে।

জনজাতিসকলৰ সাজ-পাৰ
অসমৰ প্রতিটো জনজাতিৰে পৰম্পৰাগত সাজ- পাৰৰ একোটি নিজস্ব ৰূপ আছে। উজ্জ্বল বং, দৃষ্টিনন্দন নক্সা, ফুল আদি অসমৰ জনজাতি- সকলৰ সাজ-পাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য।'

বড়ো: অসমীয়া নাৰীৰ সাজ-পাৰ, বিশেষকৈ, বিহা আৰু মেখেলা বড়োসকলৰ অবদান। বড়ো শিপিনীয়ে বিহা-মেখেলাৰ পাতলিত গছ-লতা, ফুল, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাছে। দাউথুগদ, ফাৰেও মেগন, দাওবায় মৌথ্রেব, ফুলমৌৱা, মুফুৰ আফা, থাইগিৰ বিৱাৰ, হাজৌ আগৰ আদি চানেকি বড়ো শিপিনীৰ লাৱনি পৰশত মূর্ত হৈ উঠে। দনা (মেখেলা) আৰু আৰনাই (গলবন্ধা) বড়োসকলৰ জনপ্রিয় অংগর্বস্ত্র। বঙা আৰু কমলা ৰঙৰ কাপোৰ তেওঁলোকৰ প্রিয়।
ইতিমধ্যে বড়ো দখনা আৰু বড়ো এৰী ৰেচম, যিটো ৰেচম পলু চামিয়া বিচনীৰ পৰা পোৱা যায় আৰু যিয়ে বেছিভাগেই এৰী গছৰ পাত (Ricinus communis) আৰু শিমলু আলু খায়। বড়ো জুমগ্রা (এক পৰম্পৰাগত ডিঙিত লোৱা বস্তু), বড়ো গামছা (বড়ো পুৰুষৰ পৰম্পৰাগত সাজ), বড়ো থোৰখা (এটা বাদ্যযন্ত্র) আৰু বড়ো ছিফুং (এটা দীঘল বাঁহী) আদিয়ে GI tag লাভ কৰিবলৈ সক্ষম হৈছে ।
■ ৰাভা: ৰাভাসকলৰ পৰম্পৰাগত সাজ-পাৰ অতি বৈচিত্র্যপূর্ণ। ধর্মীয়, সামাজিক উৎসব- অনুষ্ঠান আদিত জাতীয় সাজ-পাৰ পৰিধান কৰাটো বাধ্যতামূলক। পুৰুষসকলে বহলে ডেবহাত আৰু দীঘলে চাৰি বা পাঁচহাতৰ হাতে- বোৱা ৰং-বিৰঙৰ গামোচা (ধুতি সদৃশ) পৰিধান কৰে। ডিঙিত 'পাজাল' অপবিহার্য। ফাৰকান্তি, পুকতৰং আদি নৃত্যত ব্যবহৃত হয়। ডিঙিৰ পৰা গোৰোহালৈকে পৰা 'জামা' নামেৰে এবিধ কামিজ আৰু 'ফালি' আন এক শ্রেণীৰ সাজ। মহিলাসকলে পৰিধান কৰা তিনি খলপীয়া সাজৰ ভিতৰত ৰিফান বা পাতানী, কাম্বুং আৰু মূৰত খদাবাং (ফালিসদৃশ) উল্লেখযোগ্য। কেতবোৰ মহিলাই বুকুৰপৰা গোৰোহালৈকে বিফান বা লেমাৰ লগতে গাত এখন ফালি মেৰিয়াই লয়। ইয়াৰ উপৰি অন্যান্য বস্তুৰ ভিতৰত বক চালি (চুটি হাতৰ চোলা), পাসাৰ, আলন (উৰাচাদৰ), আংচা (গাত লোৱা চাদৰ) আদি সাজ-পাৰ পৰিধান কৰে।
আ-অলংকাৰ পৰিধানৰ ক্ষেত্রত বাভা- সকলব বিশেষ গুৰুত্ব আছে। প্রবাদ আছে যে বলানাস্ত্রি (কাণত পিন্ধা) আৰু দালা (কাণত পিন্ধা) অবিহনে দৰাই কইনা আনিবলৈ গৈ ঘূৰি আহিব লগাত পৰিছিল। ইয়াৰ উপৰি আছে গুটিমালা, সিকিহাৰ, চন্দ্ৰহাৰ, ঠেংচেলা, ফাটাবাজু, ভৰিখাৰু, ফোফলা খাক, নাকাপুতি, ঝবুক (কঁকালত পিন্ধা) আদি।

কোচ-ৰাজবংশী: কোচ-ৰাজবংশীসকলে নিজে যতৰত সূতা কাটি তাঁতত কাপোৰ বৈ পিন্ধিছিল। পুৰুষে ধুতী, গামোচা, আওছা আৰু তিৰোতা-সকলে আগৰণ, পাটানি, মূৰত ওৰণি আৰু সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰিছিল। তিৰোতাৰ সোণৰ অলংকাৰৰ ভিতৰত অন্তি, মাকৰি, দুল, ঝুমকা, মাসিপাত, নোল, নথ, জলটোপা নথ, কাণফুল, নাকফুল, চুড়ি, ফুলকড়ি, বিছাহাব, প্রেমফছ হাব, কাটি আৰু কবছ আদি; ৰূপৰ চুড়িবলেয়া, মুঠা, বাজু, তোলাখাৰু, ফেলা-যাক, বাগখাক, ঠেংপাতা, চন্দ্রহাব, সূর্যমুখী হাৰ, চিকমালা আৰু কাটি আদি। সোণ-ৰূপৰ বিভিন্ন আঙঠিও ব্যৱহাৰ কৰিছিল। অলংকাৰক তেওঁলোকে গয়না বুলি কয়। পুৰুষে কেবল হাতত সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰিছিল।
কাৰ্বি: উৎসব-সমাৰোহত কাৰ্বি ডেকা- সকলে মূৰত পাণ্ডৰী (পহ) মাৰি তাত 'ব'জাৰু আনি' গুজিলৈ গাত বিভিন্ন ৰঙৰ ফটুবে চোলা (চই) পিন্ধি কঁকালত কৌপীন সদৃশ বিকম্ভব ওপৰত চাতৰ বামকক মেৰিয়াই ডিঙিত ৰূপৰ 'লেক জিনজিবি' আৰু হাতৰ আঙুলিত 'আবনান' পিন্ধি সুসজ্জিত হৈ লয়। বয়োবৃদ্ধ মহিলাই গাত 'পেছাৰপী' চাদৰ, কাণত মাকৈগঢ়ীয়া 'ন'থেংপী/কেৰু, হাতত কাঁইটায়া 'বয় পেংয়া' আৰু 'চই-আৰি' নামৰ হাচতি অপৰিহাৰ্য আভূষণ। সম্ভ্রান্ত মহিলাই দুতবপীয়া 'পেচেলেং' চাদবেবে গা আবৃত কৰি, কল-ডিলীয়া কেক 'ন'জাংচাই'বে কর্ণ শোভিত কবি, সেন্দুৰীয়া পখিলা 'লেক-প্রিল্লি' খোপাত গুজি লৈ ৰূপসজ্জা করে। গাভৰুসকলে পেজাফেং, পেদুৰফিছ' আদি চাদব, পীনি নামৰ মেখেলা, বানকক নামৰ কমব-বন্ধনী, জিজ' নামৰ বক্ষ- বন্ধনীৰ লগতে লেক-হিকি, লেক-ছ'বাই, লেক- পংতেং আদি বিভিন্ন মালা-মণি আৰু হাতত বয় (খাক) আৰু আঙুলিত আবনান (আঙঠি) পিন্ধি ভাল পায়।

হাজং: হাজং পুরুষে গামোচা আৰু বনিয়ন পবিধান কৰে। কঁকালত পিন্ধা গামোচাখনেৰে পোন্ধ মাৰে। ইয়াক-লিংটি বোলে। তিৰোতাই কঁকালত পাটিন (পাতনি) পিন্ধা নিয়ম। বঙা পাটিন (পাতনি) এওঁলোকৰ বৰ প্রিয়। হাজং মহিলাই বুকু ঢকাকৈ কান্ধত এখন কাপোৰ লয়। ইয়াক আগৰণ বোলে। উৎসব-পার্বণত কমাৰাবান্ধা নামৰ কাপোৰ এখন গাত মেৰিয়াই লয়। হাজং মহিলাই বাহুত বাজু, কাণত কাণফুল, নাকত নাকফুল, হাতত শাখা আৰু আঙুঠি পিন্ধে। পুৰুষেও অলংকাৰ পিন্ধে।
মিচিংঃ মিচিংসকলে গনৰ উগন, মিবুগালুক, গাপা গাৰে, বিংবি গাচেং, কপিং (কমৰ-বন্ধনী) আদি পৰিধান কৰে। আ-অলংকাৰৰ ক্ষেত্ৰত ৰূপৰ আনচনমৰা, গামখাক, আঙঠি, কেন্টু, তাকপৰ, তাদাগ আদি পিন্ধে।
ইতিমধ্যে মিচিং সকলৰ বিংবি গাচেঙে GI tag লাভ কৰিছে ।
অসমৰ মুঠ তেৰটা সামগ্রীক ১ এপ্ৰিল,২০২৪ তাৰিখে GI tag দিয়া হৈছে; য'ত আছে বড়ো দখনা আৰু বড়ো এৰী ৰেচম, যিটো ৰেচম পলু চামিয়া বিচনীৰ পৰা পোৱা যায় আৰু যিয়ে বেছিভাগেই এৰী গছৰ পাত (Ricinus communis) আৰু শিমলু আলু খায়। বড়ো জুমগ্রা (এক পৰম্পৰাগত ডিঙিত লোৱা বস্তু), বড়ো গামছা (বড়ো পুৰুষৰ পৰম্পৰাগত সাজ), বড়ো থোৰখা (এটা বাদ্যযন্ত্র) আৰু বড়ো ছিফুং (এটা দীঘল বাঁহী) আদিও এই তালিকাত আছে।

ডিমাছা: ডিমাছা মহিলাই মেখেলা, বিহা আৰু চাদৰৰ দৰে বিণ্ড, বিজাফাইন আৰু
বিকাউচা পিন্ধে। এওঁলোকৰ সাজ-পাৰত সেউজীয়া আৰু নীলা বঙৰ পয়োভৰ বেছি। ডিমাছা পুরুষে বিচা নামৰ ডাঠ সেউজীয়া ৰঙৰ চুৰিয়া আৰু কামিজ পিন্ধাৰ উপৰি চলাগুলাউ (অ'ভাৰকোট) আৰু ত্ৰিছ হাতমান দীঘল কাপোৰৰ পাগুৰি মাৰে। অবশ্যে ঘকরা কাম- কাজ কৰোঁতে বিচা পিন্ধে।
ডিমাছ্য মহিলাই সোণ, রূপ, তাম আৰু নানাবিধ ধাতুৰে নির্মিত আ-অলংকাৰ পিন্ধে। ডিমাছ্য মহিলাই হাতত কাড়ুডিমা খাদু (ৰূপৰ খাক), কাণত কামউটাই (ৰূপৰ দুৰীয়া), বাহুত যাওচেৰ, ডিঙিত পোৱাল মণিৰ মালা, হাতীদাঁতৰ মালা, চন্দ্রবাল (রূপৰ মান), বাংবৰচা (ৰূপৰ টকাৰ মণি), জিংবি (চন্দ্ৰহাৰ) আদি পিন্ধে। হাতৰ আঙুলিত য়াওচিদাম, অর্থাৎ, আঙঠি পিন্ধে।

তিৱা: তিরা মহিলাই মেখেলা-চাদব পিন্ধে। খাচকাই, টাগলা কাছং টানা চেলেং, চাদৰ তিৱা সকলৰ বৰ আদৰৰ। পাহাৰীয়া তিবা সুৰুষে কঁকালত টনা (লেংটি) পিন্ধে। মহিলাসকলে বুকুৰ পৰা আঠুৰ তললৈ মেখেলাবে ঢাকি বাখে।

■ চিংফৌ: চিংফৌ মহিলাই বুকাং (মেখেলা), নুংবাত (মেঠনি), চিংকেত (পেটি), প্লং (চোলা) পিন্ধে। পূৰুষে বোপা/বাপা (লুভী), প্লং (চোলা) আৰু টাটপ ব'মবাম/ফুমবাম (পাগুৰি) পৰিধান কৰে। সম্ভ্রান্ত পুরুবে য়ামপ্লং নামৰ এবিধ চোলা পিন্ধে। চিংফৌ পুৰুষে ঘৰতে তৈয়াৰ কৰা শাইং, অর্থাৎ, মোনা লৈ ফুৰে। চিংফৌ পুরুষ-মহিলাই অলংকাৰ পৰিধান কবে। চিংফৌ মহিলাই হাতত লুখন পিন্ধে। ডিঙিত কিইচি (দেওমণি), কাণত ঢোলৰ আকাৰৰ কেৰু আৰু হাতৰ আঙুলিত লাকচ'প, অর্থাৎ, আঙঠি পিন্ধে। চিংফৌ বোৱাৰীয়ে জদাং নামৰ এবিধ সোণ বা ৰূপৰ শিকলিবে খোপাটো বান্ধি বাখে।
দেউৰী: দেউৰী পুৰুষে ঘৰত বোৱা চুৰীয়া আৰু গামোচা লয়, উৎসবাদিত চেলেঙো লয়। মহিলাই কঁকালত মেখেলা পিন্ধে আৰু বুকুত পাউগা পাউগা ( (টঙালি) মেৰিয়াইবান্ধে। গাভৰুসকলে বং-বিৰঙৰ সূতাৰে গোঁঠা ধুনীয়া বছী বা জৰী এডাল মেৰিয়াই লয়। বিবাহিতাসকলে লহঙা বা মেৰণি, জকাচ্ছিবা (কমৰ-বন্ধনী) বা বিহা পিন্ধে। মহিলাসকলে কামৰ সময়ত মূৰত মুজোৰি বা টকয়া মাৰি লয়, এনেয়ে ওবণি লয়। তিবোতাই খোপাত বন্ধা ফুলাম গামোচাখনক গাতিগী বোলা হয়। কাপোৰত ৰঙা, নীলা, হালধীয়া আৰু ক'লা সূতাবে 'পাণকটা' ফুল জ্যামিতিক বা তিনিকোণীয়া ফুল বাছে। দেউৰী মহিলাই বাখৰ ঘটোৱা জাংফাই কেৰু, উজনি বা উন্তি পোরাল মণি পিন্ধে।
সময়ৰ পৰিবৰ্তনৰ লগে লগে জনজাতীয় সাজ-পাৰতো আধুনিকতাৰ পবশ পৰিছে। আন- সকলব দবে বেছিভাগ জনজাতীয় ডেকা- গাভৰুৱে আজিকালি শাৰী-চেলোৱাৰ, পেন্ট- ৪র্ট আদিকে পৰিধান কবে। একেদৰে জনজাতি- সকলৰ সাজ-পাৰ পৰিধানৰ নামসমূহো ঠাইবিশেষে উচ্চাৰণৰ পার্থক্য দেখা যায়।

Post a Comment

أحدث أقدم