প্রকৃতিয়ে অসমক দুহাত ওপচাই প্রতুলভাবে এশ্বর্যময়ী কৰি তুলিছে। প্রাকৃতিক পৰিৱেশ, ৰঙা নদী, নীলা পাহাৰ, মঠ-মন্দিব, ৰজাদিনীয়া কীৰ্তিচিহ্ন আদিৰে ভৰপূৰ অসমখন পর্যটক আৰু ভ্ৰমণকাৰীৰ স্বৰ্গ। একে কাৰণতে এইভূখণ্ড অতীজৰে পৰা পৰ্যটনৰ এক উৎকৃষ্ট কেন্দ্ৰৰূপে চিহ্নিত আৰু স্বীকৃত হৈ আহিছে। সপ্তম শতি- কাৰ চীনা পরিব্রাজক হিউৱেন-ছাঙৰ দিনৰ পৰা অগণন দেশী-বিদেশী পর্যটক অসমলৈ আহিছে আৰু ইয়াৰ বিতোপন নৈসর্গিক শোভাত বিস্ময়ামুগ্ধ হৈছে।



পর্যটন এতিয়া প্রাচ্য আৰু পাশ্চাত্যৰ সকলো দেশৰ বাবে এক গুৰুত্বপূর্ণ উদ্যোগ হৈ উঠিছে। পাছে ভাৰতত। এই উদ্যোগ এতিয়াও উপযুক্তভাবে গঢ় লৈ উঠিব পৰা নাই। তথাপি ই বৈদেশিক মুদ্রা উপাৰ্জন কৰাৰ হিচাপত ভাৰতৰ তৃতীয় স্থানৰ উদ্যোগ। এই ক্ষেত্রত প্রথম দুটা স্থানত আছে বর-গহনা আৰু ৰেডি- মেড পোছাক।


ভাৰতত পৰ্যটন উদ্যোগ কিছু বিকশিত হ'লেও অসমত কিন্তু এই উদ্যোগে সিমান গা কৰি উঠিব পৰা নাই। পিছে অসমত পর্যটন উদ্যোগৰ সম্ভাৱনা যথেষ্ট। অসমৰ প্ৰাকৃতিক আৰু ঐতিহাসিক সম্পদে পর্যটকক সততে আকৰ্ষণ কৰিব পাৰে। অসম হ'ল পাহাৰ, উপ- ত্যকা, সেউজ অৰণ্য আৰু অসংখ্য নদ-নদীবে পৰিপূৰ্ণ এখন মনোমোহা ৰাজ্য। অসমৰ প্রধান নদী ব্ৰহ্মপুত্ৰ বিশ্বৰ ভিতৰতে ডাঙৰ নদীবোৰৰ অন্যতম। অসমৰ প্ৰাকৃতিক সৌন্দর্যই ইয়ালৈ অহা যিকোনো লোককে আকৃষ্ট কৰিব পাৰে। অসমত বহু সুন্দৰ তথা লগতে বিবল প্রজাতিৰ পশু-পক্ষীও আছে। এশিঙীয়া গড়ৰ প্ৰাকৃতিক আবাসস্থলী বিশ্বৰ ভিতৰতে কেৱল অসমৰ কাজিৰঙাতে। অসমত বহু প্রাচীন ধর্মীয় মঠ- মন্দিৰ তথা স্থাপত্য আৰু কিছুমান গুৰুত্বপূর্ণ ঐতিহাসিক স্থান আছে।

 

কিন্তু পৰিতাপৰ কথা যে ইমানখিনি পর্যটন সম্পদ থকা সত্ত্বেও অসমত পর্যটন উদ্যোগ প্রকৃতার্থত বিকশিত হৈ উঠা নাই। ২০২১-২২ চনত প্রায় ১৭ লাখ পর্যটক অসমলৈ আহিছিল, তাৰে ভিতৰত বিদেশী পর্যটক আছিল ১২৩১ জন। সেই পৰ্যটকসকলৰ পৰা পর্যটন বিভাগৰ টুৰিষ্ট লজৰ আয় হৈছিল ১৮.১৩ লাখ টকা।

 

ইতিমধ্যে 'অসম পর্যটন নীতি, ২০০৮' গ্রহণ কৰিছে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ জৰিয়তে অসমৰ পৰ্যটনৰ বিকাশ সাধনৰ চেষ্টা চলোৱা হৈছে।

পর্যটনক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ হ'লে স্বাভাৱিকতে সা-সুবিধা বৃদ্ধিৰ প্ৰয়োজন। ই হ'ল এটি মূলধনকেন্দ্রিক উদ্যোগ। কিছু মূলধন বিনিয়োগ কৰি ৰাজ্যখনৰ মনোমুগ্ধকৰ ঠাইসমূহক প্রয়োজনীয় আধাৰগত সা-সুবিধাৰে আকর্ষণীয় কৰি তোলাৰ অযুত সম্ভাৱনা আছে। ইয়াৰ বাবে লগতে প্রয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰৰ সুস্পষ্ট আৰু ইতিবাচক নীতি, ৰাজ্য চৰকাৰৰ উদ্যোগী মনোভাব আৰু জনসাধাৰণৰ সচেত- নতা। এইতিনিও পক্ষৰ সহযোগত অচিৰে অসমৰ পর্যটন শিল্পই দেশখনৰ ভিতৰতে যে এক লেখৰ উদ্যোগ হিচাপে আত্মপ্রকাশ আৰু বিস্তাৰ লাভ কৰিব পাৰিব তাত কোনো সন্দেহ নাই।

 

অসমে পর্যটন ক্ষেত্রত আকাংক্ষিত বিকাশ লাভ কৰিব নোৱৰাৰ মূল কাৰণসমূহ হ'লঃ 

  1.  ভাৰতৰ বাকী অংশৰ লগত অসমৰ অসুচল যোগাযোগ ব্যবস্থা। 
  2. পর্যটন স্থানবোৰত থকা-খোৱা সুবিধাৰ অভাব,
  3. ৰাজ্যখনৰ ভিতৰতো বাট-পথৰ শোচনীয় অবস্থা,
  4. প্রচাৰৰ অভাৱ।

 

১৯৮৭ চনতে অসমক পর্যটন উদ্যোগৰ মর্যাদা দিয়া হৈছিল যদিও বিভিন্ন আন্তঃ- গাঁথনিমূলক অসুবিধাৰ বাবে পৰ্যটন শিল্পই অসমত আশাকৰা মতে উৎকর্ষ আৰু বিকাশ লাভ কৰা নাই। তদুপৰি কিছু বছৰৰ আগলৈকে এই অঞ্চল নিয়ন্ত্রিত এলেকা (Restricted Area) হোৱা বাবে পৰ্যটনৰ আগমনত নানা বাধা-নিষেধ আৰোপ কৰা হৈছিল। ইয়াৰ ফলত এই অঞ্চললৈ অহা পৰ্যটকৰ, বিশেষকৈ, বিদেশী পৰ্যটকৰ সংখ্যা আছিল নিচেই তাকৰঅৱশ্যে ১৯৯৫ চনৰ জুলাই মাহৰ পৰা চৰকাৰে এই বাধা-নিষেধ প্রত্যাহাৰ কৰি পৰ্যটকৰ প্ৰতি আগবঢ়োৱা সা-সুবিধাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণ কৰিছে। অসম চৰকাৰে ইতিমধ্যে 'অসম পর্যটন নীতি, ২০০৮' গ্রহণ কৰিছে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ জৰিয়তে অসমৰ পৰ্যটনৰ বিকাশ সাধনৰ চেষ্টা চলোৱা হৈছে।


পর্যটনক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ হ'লে স্বাভাৱিকতে সা-সুবিধা বৃদ্ধিৰ প্ৰয়োজন। ই হ'ল এটি মূলধনকেন্দ্রিক উদ্যোগ। কিছু মূলধন বিনিয়োগ কৰি ৰাজ্যখনৰ মনোমুগ্ধকৰ ঠাইসমূহক প্রয়োজনীয় আধাৰগত সা-সুবিধাৰে আকর্ষণীয় কৰি তোলাৰ অযুত সম্ভাৱনা আছে।

ইয়াৰ বাবে লগতে প্রয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰৰ সুস্পষ্ট আৰু ইতিবাচক নীতি, ৰাজ্য চৰকাৰৰ উদ্যোগী মনোভাব আৰু জনসাধাৰণৰ সচেত- নতা। এইতিনিও পক্ষৰ সহযোগত অচিৰে অসমৰ পর্যটন শিল্পই দেশখনৰ ভিতৰতে যে এক লেখৰ উদ্যোগ হিচাপে আত্মপ্রকাশ আৰু বিস্তাৰ লাভ কৰিব পাৰিব তাত কোনো সন্দেহ নাই।


1 تعليقات

إرسال تعليق

أحدث أقدم