বর্মন বংশ
ঐতিহাসিক সমলৰ ওপৰত নিৰ্ভৰ কৰি
প্ৰণয়ন কৰিব পৰা প্ৰাচীন অসমৰ ৰাজনৈতিক বুৰঞ্জী চতুর্থ শতিকাৰ মাজভাগব পৰাহে
ধাৰাবাহিক- ভাবে পোরা যায়। বর্মনবংশ প্রতিষ্ঠাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত
ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয় বুলিব পাৰি। চতুর্থ শতিকাৰ পৰা সপ্তম শতিকাৰ মাজভাগলৈ
(৩৫০-৬৫০ খ্রীষ্টাব্দ) কামৰূপত বর্মন বংশই ৰাজত্ব কৰিছিল।
প্রাচীন কামৰূপ ৰাজ্যৰ যিসকল বজাৰ
বিষয়ে নির্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে তেওঁলোকৰ ভিতৰত পুষ্য বর্মনেই প্রথম আৰু
সেয়ে তেওঁক অসমৰ প্রথম ঐতিহাসিক ৰজা বোলা হয়। গুপ্ত সম্রাট সমুদ্রগুপ্তৰ (৩৩০-
৩৭৫) সমসাময়িক পুয্য বর্মনে (৩৫০-৩৮০) 'মহাৰাজাধিবাজ'
উপাধি গ্রহণ কৰিছিল আৰু বহুদিনৰ মূৰত
পুৰণি ভাৰতৰ ৰাজনৈতিক ইতিহাসত কামরূপক এখন লেখত লবলগীয়া ৰাজ্য কৰি তুলিছিল। পুষ্য
বর্মনৰ পাছত ক্রমে সমুদ্র বর্মন (আনুমানিক ৩৮০-৪০৫/৪১০), বল বর্মন
(৪০৫-৪২০), কল্যাণ বর্মন (৪২০- ৪৪০), গণপতি বর্মন (৪৪০-৪৫০), মহেন্দ্র বর্মন (৪৫০-৪৮৫) কামৰূপৰ
ৰজা হয়। মহেন্দ্রে বর্মনেই গুপ্ত সম্রাটৰ সৈন্যবাহিনীৰ বিৰুদ্ধে কৃতকার্যতা
লাভ কৰা প্ৰাচীন কামৰূপৰ বজা আৰু অশ্বমেধ যজ্ঞ সমাপন কৰা প্রথম বর্মন- বংশীয় ৰজা। ইয়াৰ
আগলৈকে বর্মন বজা- সকলে গুপ্ত সম্রাটসকলৰ আনুগত্য স্বীকাৰ কবি লৈছিল। মহেন্দ্র
বর্মনৰ পাছত ক্রমে নাৰায়ণ বর্মন (আনু,
৪৮৫-৫১০), ভূতিবর্মন (আনু, ৫১০-৫৫০), চন্দ্রমুখ বর্মন (৫৫০- ৫৬৫), স্থিতবর্মন (আনু, ৫৬৫-৫৮৫), সুস্থিত বর্মন
(আনু. ৫৮৫-৯৩) আৰু সুপ্রতিষ্ঠিত বর্মনে (৫৯৩-৫৯৪) কামরূপ শাসন কৰাৰ পাছত সুস্থিত
বর্মনৰ দ্বিতীয় পুত্র ভাস্কৰ বর্মন (আনু. ৫৯৪-৬৫০) কামৰূপৰ ৰজা হয়।
ভাস্কৰ বৰ্মন
ভাস্কৰ বর্মন আছিল বর্মন বংশৰ
আটাইতকৈ বিখ্যাত কামরূপীয়া ৰজা। ৫৯৪ খ্রীষ্টাব্দত তেওঁ সিংহাসনত আৰোহণ কবে। ভাস্কৰ
বৰ্মনেই বর্মন বংশৰ শ্রেষ্ঠ নৃপতি। এওঁৰ ৰাজপাট আৰোহণে সমগ্ৰ কামৰূপৰ বুৰঞ্জীতে
এটা নতুন অধ্যায়ৰ সূচনা কৰে। ভাস্কৰ বৰ্মনৰ দিনতে চীনা পরিব্রাজক হিউকেন- ছাং
কামরূপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ 'চি- ইউ-কি'ত কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিপিবদ্ধ কৰে।
সিংহাসনত আৰোহণ কৰিয়েই ভাস্কৰ বৰ্মনে নতুন চন 'ভাস্কৰাব্দ 'বা 'কামৰূপী চন' প্রবর্তন কৰে।
সেই সময়ৰ ভাৰতৰ শ্রেষ্ঠ হিন্দু নৃপতিসকলৰ অন্যতম থানেশ্বৰ আৰু কনৌজৰ
ৰজা হর্ষবর্ধন আছিল ভাঙৰ বৰ্মনৰ সমসাময়িক। ভাস্কৰ বৰ্মনে হর্ষ- বন্ধনৰ ওচৰলৈ
হংসবেগ নামৰ এজন কটকীৰ হাতত বহু উপহাৰ পঠিয়াই মিত্রতা স্থাপন কবে। ভাস্কৰ বৰ্মনে
হর্যবন্ধনলৈ প্রেৰণ কৰা উপহাৰ- বোৰৰ ভিতৰত আছিল আভোগ নামৰ এটা বৈশিষ্টপূর্ণ ছাতি, ৰজা ভগদত্তৰ
দিনৰ পৰা ব্যৱহাৰ কৰা মহামূল্যবান কিছু ৰত্ন-অলংকাৰ, উৎকৃষ্ট শ্ৰেণীৰ শিৰভূষণ, কস্তুৰী মৃগৰ
নাভীবে তৈয়াৰী কস্তুৰী মোনা, অগৰু ছালৰ পাতত লিখা কিছুমান পুথি, তামোল-পাণ আদি
নানান সামগ্রী। ৰজা হর্ষবন্ধনেও কেইগৰাকীমান বাজকটকীৰ হাতত অনুৰূপ মূল্যবান উপহাৰ
ভাস্কৰ বৰ্মনলৈ পঠিয়ায় দুয়োৰে মাজৰ বন্ধুত্ব কটকটীয়া কৰে।
ইয়াৰ পাছতে দুয়ো একেলগ হৈ গৌড়ব
(উত্তৰ-পশ্চিম বংগ) প্রতাপী ৰজা শশাংকৰ বাজ্য আক্রমণ কৰে। একেলগে শশাংকৰ ৰাজ্য
আক্ৰমণ কৰাত দুয়োৰে একোটা উদ্দেশ্য আছিল। ভাস্কৰ বৰ্মনৰ উদ্দেশ্য আছিল বর্মন বংশবে
সুস্থিত বর্মনৰ দিনত বংগৰ দখলাধীন হোৱা কামৰূপৰ অংশবিশেষ (পুন্দ্রবর্দ্ধন বা উত্তৰ
বংগ) উদ্ধাৰ। আনহাতে হর্যবন্ধনেও শশাংকৰ বিৰুদ্ধে যুঁজিবলৈ সুযোগ বিচাৰি আছিল।
কাবণ শশাংকই হর্ষবর্দ্ধনৰ ককায়েক বাজ্যবন্ধনক চক্রান্ত কবি হত্যা কৰিছিল।
ইয়াৰ পাছতে হর্ষবর্দ্ধনৰ লগ লাগি
ভাস্কৰ বর্মনে বিৰাট সৈন্য বাহিনী লৈ শশাংকৰ ৰাজ্য আক্রমণ কৰে। যুদ্ধত হাবি শশাংক
উৰিষ্যালৈ পলাই যোৱাত ভাস্কৰ বৰ্মনে গৌড়ৰ ৰাজধানী কর্ণসুবর্ণ আৰু পুন্দ্রবর্দ্ধন
অধিকাৰ কৰে (আনু- মানিক ৬১২ খ্রীষ্টাব্দ)। ৰাজ্যৰ বাকী অংশ হর্ষবর্দ্ধনৰ বাজ্যৰ অন্তর্ভুক্ত
হয়।
বজা হর্ষবর্ধনে কনৌজত আয়োজন কৰা
এক ধর্মসভাত ভাস্কৰ বৰ্মনক ভাৰতৰ আন বজা-মহাৰজাসকলৰ আগত বিশেষ সম্মান প্রদর্শন
কৰিছিল।
ইতিহাসবিদসকলৰ মতে পূবে শদিয়াৰ
পৰা পশ্চিমে বিহাৰৰ কুশী নদীলৈকে ভাস্কৰ বৰ্মনৰ ৰাজ্য আছিল। বহু পণ্ডিতে
দক্ষিণ-পূব বংগ, ছিলেট আৰু ত্ৰিপুৰাও ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ অন্তৰ্গত আছিল
বুলি ধাৰণা কৰিছে। হিউৱেন-ছাঙৰ বিৱৰণৰ পৰা জনা যায় যে সেই সময়ত পূবফালে কামৰূপ
ৰাজ্যই চীন আৰু ব্রহ্মদেশৰ সীমা চুইছিল।
ভাস্কৰ বৰ্মন আছিল অবিবাহিত আৰু
সেয়ে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন নামে জনাজাত। অবিবাহিত আৰু নিঃসন্তান হোৱা বাবে
ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে (আনু. ৬৫০) বর্মন বংশৰ ইতি পবে।
শালস্তম্ভ বংশ
বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন
অবিবাহিত আৰু নিঃসন্তান হোৱাবাবে তেওঁৰ কোনো উত্তৰা-ধিকাৰী নথকাত কামৰূপৰ সিংহাসন
লৈ যুঁজ- বাগৰ আৰম্ভ হয়। অৱশেষত ৬৫৫ খ্রীষ্টাব্দত শালস্তম্ভ নামৰ এজন বিষয়াই
সিংহাসন অধি- কাৰ কৰি নিজৰ নাম অনুসৰি শালস্তম্ভ নামেৰে এটি নতুন ৰাজবংশ প্রতিষ্ঠা
কৰে। শালস্তম্ভ মানে হ'ল শাল খুঁটা (স্তম্ভ) বা শাল খুঁটাৰ দৰে শক্তি- শালী। এই
বংশৰ ৰজাসকলে সপ্তম শতিকাৰ মাজভাগৰ পৰা দশম শতিকাৰ শেষভাগলৈ (৬৫৫-৯৯০ খ্রীষ্টাব্দ)
প্রায় ৩৫০ বছর কামরূপ শাসন কবে। শালস্তম্ভৰ পাছত এই বংশৰ কুবিজন বজাই কামৰূপত
ৰাজত্ব কৰে আৰু ইয়াৰ ভিতৰত শ্রীহর্ষদের বা শ্রীহর্ষই (আনু. ৭২৫-৭৫০ খ্রীষ্টাব্দ)
শ্রেষ্ঠ। তেওঁ গৌড় (উত্তর বংগ), উদ্র (উৰিষ্যা),
কলিংগ (গোদাবৰী আৰু মহানদীৰ মাজৰ অঞ্চল)
আৰু কোশল (উত্তৰ বিহাৰ) জয় কবি কামৰূপ ৰাজ্যক এক বিশাল সাম্রাজ্যত পৰিণত কৰে। ইয়াৰ
উপৰি সম্ভৱতঃ উত্তৰ প্ৰদেশৰ পূব অংশ আৰু অন্ধ্র প্রদেশৰ উত্তৰ অংশও তেওঁৰ
সাম্ৰাজ্যৰ অন্তর্ভুক্ত আছিল। শ্রীহর্যদেবে তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা
জয়দেবলৈ বিয়া দিছিল। নেপালৰ মহাবাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ
নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়।
শালস্তম্ভ বংশৰ ৰাজধানী আছিল
হাৰু- পেশ্বৰ বা হাতপেশ্বৰত। বৰ্তমানৰ তেজপুৰ চহবেই এই হাৰুপেশ্বৰ বুলি ঠাৱৰ কৰা
হৈছে। কোনো কোনো বুৰঞ্জীবিদৰ মতে শালস্তম্ভ বংশৰ ৰজাসকলে হাঝপেশ্বৰত অস্থায়ী বাজ-
ধানীহে পাতিছিল। স্থায়ী ৰাজধানী তেতিয়াও প্রাগজ্যোতিষপুৰতেই আছিল। শালস্তম্ভ
বংশৰ শেষ ৰজাজনৰ নাম আছিল ত্যাগ সিংহ (আনু. ৯৭০-৯৯০ খ্রী.)।
পাল বংশ
খ্রীষ্টীয় দশম শতিকাৰ শেষভাগৰ পৰা
দ্বাদশ শতিকাৰ প্ৰথম ভাগলৈকে (৯৯০-১১৩৮) কামৰূপত পাল বংশৰ ৰজাই ৰাজত্ব কৰিছিল। ইয়াৰ
পূর্বে কামরূপ শাসন কৰা শালস্তম্ভ বংশৰ ৰজা ত্যাগ সিংহ অপুত্রক হোৱাত সেই বংশৰে
ব্রহ্মপাল (আনু. ১৯০-১০১০ খ্রীষ্টাব্দ) কাম- ৰূপৰ বজা হয় আৰু পাল বংশৰ পাতনি মেলে।
বৃদ্ধকালত ব্রহ্মপালে সন্যাস গ্রহণ কৰে আৰু পিতাবন ইচ্ছামতে তেওঁৰ পুত্র বরপাল
(আনু. ১০১০-১০৪০) কামৰূপৰ ৰজা হয়। পাল বংশৰ ৰজাসকলৰ ভিতৰত এওঁ নামে-গুণে আছিল
ৰত্নসম আৰু অধিক গুণসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী। ৰত্নপালৰ পাছত তেওঁৰ নাতিয়েক
ইন্দ্রপাল (১০৪০-১০৬৫) আৰু ক্রমে গোপাল (১০৬৫-১০৮০), হর্ষপাল (১০৮০-১০১৫), ধর্মপাল
(১০৯৫-১১২০) ৰজা হয়। বজা হৈ ধর্মপালে কামৰূপৰ ৰাজধানী প্রাগজ্যোতিষপুৰৰ পৰা কামৰূপ
নগৰলৈ তুলি নিয়ে। বৰ্তমানৰ উত্তৰ গুৱাহাটীয়েই সম্ভৱতঃ তেতিয়াৰ কামৰূপ নগৰ আছিল।
ধর্মপালৰ মৃত্যুত তেওঁৰ পুত্র জয়পাল (১১২০- ১১৩৮) কামৰূপৰ বজা হয় আৰু জয়পালৰ
মৃত্যুতেই পাল বংশৰ যবনিকা পৰে।
কমতা ৰাজ্য
প্রাচীন কামৰূপৰ এটা অংশক এসময়ত
কমতা ৰাজ্য বুলি জনা গৈছিল। বৰ্তমানৰ উত্তৰ বংগৰ কোচবিহাৰ অঞ্চল কমতা ৰাজ্য আছিল
বুলি জানিব পৰা গৈছে। কমতা ৰাজ্যৰ ৰাজধানী আছিল কমতাপুৰ। বৰ্তমানৰ কোচবিহাৰৰ সমীপবর্তী
কোনো স্থানত স্থাপিত কমতাপুৰ সেই সময়ত সমৃদ্ধ চহৰ আছিল। ১২৫৭ চনত ইখতিয়াকদ্দিন
মালিক উজবেক তুঘ্রিল খাঁই কামৰূপ আক্রমণ কৰাত কামৰূপৰ বজা সন্ধ্যাই বাজধানী কামরূপ
নগৰৰ (উত্তৰ গুৱাহাটী) পৰা পশ্চিমৰ কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই বাজ্যৰ
নাম কমতা বা কামরূপ-কমতা হয় আৰু ইয়াৰ অধিপতি বা বজাগৰাকী কমতেশ্বৰ বা কামেশ্বৰ
নামে জনাজাত হয়। উত্তৰ বংগৰ কৰতোবা নদীৰ পৰা অসমৰ বৰনদীলৈকে কমতা বাজ্য
বিস্তৃত আছিল।
'যোগিনী তন্ত্র'ৰ মতে প্রথম শতিকাত দেবেশ্বব নামৰ এজন শূদ্র বজাই কামৰূপত
বাজত্ব কৰিছিল। দেবেশ্ববে কামরূপত বৌদ্ধ ধর্মৰ শ্রীবৃদ্ধিত বাধা জন্মাবৰ বাবে
কামাখ্যাৰ প্রভাৱবঢ়াবলৈ অশেষ চেষ্টা কবি- ছিল। পশ্চিম অঞ্চলৰ ধর্মপাল নামৰ এজন
ক্ষত্রিয় বজায়ো গুৱাহাটীৰ ওচৰে-পাজবে কোনো ঠাইত ৰাজ্য স্থাপন কৰাৰ কথা জনা যায়।
ধর্মপালে উত্তৰ ভাৰতৰ পৰা কেইঘৰমান উচ্চ বৰ্ণৰ হিন্দু আনি তেওঁৰ ৰাজ্যত বহুওৱাৰ
কথাও বুৰঞ্জীয়ে কয়।
আৰিমত্ত
অসম বুৰঞ্জীত আৰিমত্তক লৈ ভালেমান
জন- শ্রুতি আৰু আখ্যান প্রচলিত। জনশ্রুতি অনুসৰি আৰিমত্ত আছিল প্রাচীন কামৰূপৰ
বজা। মাজুলীৰ ৰতনপুৰৰ ৰজা ৰামচন্দ্ৰই নদীদ্বীপ মাজুলীৰ বতনপুৰত ৰাজধানী পাতিছিল।
এবাৰ যজ্ঞ কৰিবলৈ গৈ ৰামচন্দ্ৰই তেওঁৰ সুন্দৰী মহিষীক ব্ৰহ্মপুত্ৰলৈ উৰ্গা কৰে আৰু
বহ্মপুত্ৰৰ ঔৰষত ৰাণীৰ আৰিমত্ত নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম হয়। পাছত নিজৰ পিতৃক
চিনিব নোৱাৰি আৰিমত্তই যুদ্ধত ৰামচন্দ্ৰক হত্যা কৰে। মানুহৰ মুখত প্রচলিত যে
আৰিমত্তৰ মূৰটো আবিমাছৰ দৰে আছিল। আন এক জন- শ্রুতি মতে আৰিমত্তৰ ফৈদৰ ৰজাসকলে
আৰি- মাছ নাখাইছিল। পদ্মনাথ গোহাঞিবৰুৱাৰ 'অসমৰ বুৰঞ্জী' মতে, কামৰূপৰ বেতনাৰ পৰা নগাঁৱৰ বহালৈকে ব্রহ্মপুত্রৰ দুয়োপাবে
আৰিমত্তব বাজ্য বিস্তৃত আছিল। আৰিমত্তৰ পুত্র জোঙালবলম্বরে নগাঁৱৰ চহৰী মৌজাত
বাজ্য পাতে।
আন এক জনশ্রুতি অনুসবি চতুর্দশ
শতিকাৰ শেষৰ ফালে আৰিমত্তনামৰ এজন বজাই গৌড় (কমতা বাজ্যৰ উত্তৰ অঞ্চল) শাসন
কৰিছিল। এওঁক প্রাচীন কামৰূপৰ ৰজা ধর্ম নাৰায়ণৰ (১৩২৫-১৩৩০) নাতিয়েক বুলি কোনো
কোনোরে কয়। আৰিমত্তৰ ৰাজধানী বর্তমানৰ বঙিয়াৰ ওচৰৰ বৈদ্যগড়ত আছিল। তেওঁ কামৰূপৰ পূব
অঞ্চলৰ ভূঞাক দমন কৰিছিল। ফেভুৱা নামৰ হাজো অঞ্চলৰ এজন ৰজাৰ হাতত আৰিমত্তৰ মৃত্যু
হয়।
আৰিমত্তৰ পাছত ৰত্নসিংহ, শৃতৰংগ আৰু
মৃগাংক নামৰ তিনিজন ৰজাই গৌড় শাসন কবে। অৱশ্যে এওঁলোকৰ ৰাজত্বকালৰ কোনো বিৱৰণ
পাবলৈ নাই। উল্লিখিত দুয়োজন আৰিমত্ত একেই নে বেলেগ বেলেগ
সেই বিষয়ে মতভেদ আছে। ৰামচন্দ্ৰ-আৰিমত্তৰ আগতে কামৰূপত পদ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণ
নামৰ দুজন বজা থকাৰ কথা জনা যায়।
খেন্ বংশ
আৰিমত্তৰ বংশধৰ শেষৰজন ৰজা মৃগাংক
(১৪১৫-১৪৪০) নিঃসন্তান হৈ মৃত্যু হোৱাত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ নীলধ্বজ নামৰ এজন
ক্ষমতাশালী ভূঞাই ১৪৪০ চনত গৌড়ৰ সিংহাসন দখল কৰি কামৰূপ-কমতাত এক নতুন ৰাজবংশৰ
পাতনি মেলে। ইয়েই খেন বা খান বা সেন বংশ। নীলধ্বজৰ মৃত্যুৰ (১৪৬০) পাছত তেওঁৰ
পুত্র চক্ৰধ্বজ (১৪৬০- ১৪৮০) আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বব (১৪৮০-১৪৯৮)
কামৰূপ-কমতাৰ ৰজা হয়। ভিতৰুৱা গৃহ কন্দলৰ সুবিধা লৈ মুছলমানে আক্রমণ কৰাত এই
ৰাজবংশ বেছিদিন নিটিকিল। ১৪৯৮ চনত নীলাম্ববব মৃত্যু হয় আৰু তাৰ লগে লগে যেন
বংশৰ বাজত্ববো অন্ত পৰে। এনেদবেই পঞ্চদশ শতিকাৰ শেষৰ ফালে মুছলমানৰ আক্রমণত
কামরূপ-কমতা বাজ্য ফাংস হয়। যোগেশ দাসব মতে,
মুছলমানৰ এই আক্রমণৰ বাবে অহা আক্রমণকারী
বহু মুছলমান কামৰূপত ৰৈ যায় আৰু সম্ভৱতঃ এওঁলোকেই অসমৰ প্ৰথম মুছলমান অধিবাসী।
ইয়াৰ পাছৰে পৰা যষ্ঠদশ শতিকাৰ আগ-
ভাগত বিশ্ব সিংহই কোঁচ বাজ্য প্রতিষ্ঠা কৰাৰ আগলৈকে প্রায় ডেব দশক কাল কামরূপ-
কমতাৰ প্রতিপত্তি নিষ্প্রভ হৈ আছিল।
চুতীয়া ৰাজ্য
ত্রয়োদশ শতিকাৰ প্ৰথমার্ধত
আহোমসকলে শিৱসাগৰৰ দক্ষিণ-পূব কোণত ৰাজ্য পাতি- ছিল। সেই সময়ত আহোম ৰাজ্যৰ নিচেই
কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোবণশিৰি আৰু দক্ষিণপাবে দিচাং নৈৰ পূবে থকা প্রায়
সমগ্র ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তর্গত আছিল। চুতীয়া জনশ্রুতিমতে আনুমানিক ১১৮৯। চনত
চুতীয়া বজা বীৰপালে পোনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰে।
সতী সাধনী:
বীৰপালৰ পাছত ১০ জন চুতীয়া ৰজাই
বাজত্ব কবে। ইয়াবে অষ্টম ৰজা ধীৰ নাৰায়ণ বা ধর্মধ্বজ পালৰ কন্যাৰ নাম আছিল সাধনী।
ৰজা ধর্মধ্বজৰ বহুদিনলৈকে কোনো
সন্তান নাছিল। সন্তানৰ আশাত অনেক পূজা-সেৱা আৰাধনাৰ অন্তত বুঢ়াকালত তেওঁৰ এটি
কন্যা সন্তান ওপজে। বহু সাধনাৰ পাছত লাভ কৰা বাবে কন্যা সন্তানটিৰ নাম ৰাখে সাধনী।
সুশিক্ষিতা, পৰমা সুন্দৰী সাধনীৰ নিতাই নামৰ এটা সাধাৰণ চুতীয়া ডেকাৰ লগত বিয়া হয়।
ৰজা ধর্মধ্বজ যিহেতু অপুত্রক আছিল
সেয়ে জোঁৱাই নিতাইকে তেওঁ ৰাজ্যভাৰ গতাই সন্ন্যাস গ্রহণ কৰে। বজা হৈ নিতায়ে
নীতিপাল নাম লয়। কিন্তু পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই
দেখা দিয়ে। সেই সুযোগতে আহোম ৰজাই চুতীয়া ৰাজ্য আক্রমণ কৰি দখল কৰে (১৫২৬)। সেই
যুদ্ধতে নীতিপালব মৃত্যু হয়।
নীতিপালৰ মৃত্যুৰ পাছত আহোমে
সাধনীক আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে। কিন্তু সাধনীযে সেই আজ্ঞা অবজ্ঞা কৰাত
আহোম সেনাই বলেৰে তেওঁক বন্দী কৰিবলৈ উদ্যত হয়। তেনে সময়তে সাধনীয়ে চন্দনগিবি
পর্বতৰ পৰা জঁপিয়াই আত্মহত্যা করে।
এই বীবংগনা সতীগৰাকীৰ প্রতি
শ্রদ্ধা জন্যই প্রতি বছৰৰ ব'হাগৰ পূর্ণিমা তিথিত অসমত সতী সাধনী দিৱস পালন কৰা হয়। সাধনীক
বিয়া দিয়াৰ পাছত, ধর্মধ্বজ পালৰ এটি পুত্র সন্তান জন্ম হয়। পুত্র সন্তানটিব
নাম আছিল সাধক নাৰায়ণ। সাধকৰ জন্মৰ আগতেই ৰজা ধর্মধ্বজ পালে জোঁৱায়েক নীতিপালক
ৰাজপাট এৰি দিয়া বাবে সাধক ৰজা হ'ব নোৱাৰিলে। নীতিপালৰ মৃত্যুৰ পাছত আহোমে সাধক নাৰায়ণক
মধ্য অসমৰ এজন শৰণীয়া শাসনকর্তা কবি বাখে। এনেদৰে প্ৰকৃততে নীতিপালৰ মৃত্যুৰ
পাছতে চুতীয়া ৰাজ্যৰ অৱসান হয়।
কোঁচ ৰাজ্য
ষষ্ঠদশ শতিকাৰ আগভাগত কোঁচ বংশীয়
বীৰপুৰুষ বিশ্ব সিংহই (১৫১৫-১৫৪০) কোঁচ ৰাজ্য প্রতিষ্ঠা কৰে। বিশ্ব সিংহৰ পাছত
তেওঁৰ পুত্র মল্লদেবে নৰনাৰায়ণ নাম লৈ কোঁচ ৰাজ্যৰ ৰজা হয়। সেনাপতি হয় বীৰ
শুক্লধ্বজ - নাম লয় চিলাৰায়।
নৰনাৰায়ণ:
বিদ্যোৎসাহী, পৰাক্ৰমী আৰু
ধর্মপৰায়ণ কোঁচ ৰজা, কোঁচসকলৰ শ্রেষ্ঠ নৃপতি। পিতৃদত্ত নাম মল্লদের। পিতৃ কোঁচ
ৰাজ্যৰ প্রতিষ্ঠাতা বিশ্ব সিংহ। ১৫৪০ চনত বিশ্ব সিংহ স্বর্গী হয় আৰু মৃত্যুৰ আগতে
তেওঁ জ্যেষ্ঠ পুত্র মল্লদেৱক ৰজা
মনোনীত কৰি থৈ যায়। কিন্তু মৃত্যুৰ সময়ত
মল্লদের অধ্যয়নৰ বাবে বাৰাণসীত থকাৰ সময়তে তেওঁৰ ভাতৃ নৰ সিংহই সিংহাসন অধিকাৰ
কৰে। পাছত মল্লদেবে ভায়েক শুক্লাজৰ সহযোগত যুদ্ধত নৰ সিংহক পৰাস্ত কৰে। ইয়াৰ পাছত
মল্লদের বজা হয় আৰু নৰনাৰায়ণ নাম লয়। ভায়েক শুক্লধ্বজ ওৰফে চিলাৰায়ক তেওঁ সেনাপতি
পাতে। নৰনাৰায়ণৰ দিনতে কোঁচসকলৰ ৰাজনৈতিক গৌৰৱে উচ্চ শিখৰত আৰোহণ কৰে। কাষৰীয়া
জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্যক তেওঁ কৰতলীয়া কৰে।
নবনাৰায়ণৰ দিনতে অসমীয়া সাহিত্য-
সংস্কৃতিৰ লক্ষণীয়ভাবে উন্নতি হয়। তেওঁৰ পৃষ্ঠপোষকতাতে ৰাম সৰস্বতীয়ে 'মহাভাৰত'ৰ অসমীয়া
অনুবাদ, অনন্ত কন্দলিয়ে দশম স্কন্ধ 'ভাগবত', বকুল কায়স্থই গণিতৰ পুথি আৰু বহু পুথি ৰচনা তথা অনুবাদ
কৰে। মহাপুৰুষ শংকৰদেৱেও জীৱনৰ শেষ সময়ছোৱা নব- নাৰায়ণৰ ৰাজসভাত বিশেষ সম্মান লাভ
কৰি সাহিত্য-সংস্কৃতিৰ সাধনা কৰিছিল। নৰনাৰায়ণে নিজ ৰাজ্যত এক মুদ্রাৰো প্ৰচলন
কৰিছিল। 'নাৰায়ণী মুদ্রা' নামৰ এইবিধ মুদ্রা সোণ আৰু ৰূপেৰে প্রস্তুত কৰা হৈছিল।
১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যু হয়। মৃত্যুৰ আগতে তেওঁ নিজ পুত্ৰ লক্ষ্মীনাৰায়ণ আৰু
চিলাৰায়ৰ পুত্ৰ বঘুনাৰায়ণৰ মাজত কোঁচ ৰাজ্য সমানে ভগাই থৈ যায়।
নবনাৰায়ণৰ দিনতে কোঁচসকলৰ ৰাজ
নৈতিক গৌৰৱে উচ্চ শিখৰত আৰোহণ কৰে। নৰনাৰয়ণে ভায়েক চিলাৰায়ৰ সহায়ত ১৫৬২ চনত আহোমক
পৰাজিত কৰে। তদুপৰি তেওঁ কছাৰী ৰাজ্য,
মণিপুৰ, ত্ৰিপুৰা, জয়ন্তীয়া, শ্রীহট্ট আদি
ৰাজ্যকো কোঁচৰ কৰতলীয়া কৰে।
চিলাৰায়:
চিলাৰায় কোঁচ নৃপতি নৰনাৰায়ণৰ
ভ্ৰাতৃ তথা কোঁচ ৰাজ্যৰ সেনাপতি।
১৫১৫ চনত জন্ম। পিতৃদত্ত নাম শুক্লাজ।
পাকৈত যুঁজাৰু আছিল আৰু চিলাৰ (শেন- জাতীয় এবিধ চৰাই, মতা চিলনী)
দৰে তৎ- পৰতাৰে শত্ৰুৰ ওপৰত জপিয়াই পৰিছিল। সেয়ে অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামে
প্রখ্যাত। কছাৰী, জয়ন্তীয়া, ত্ৰিপুৰা, মণিপুৰ, শ্রীহট্ট আদি ৰাজ্যসমূহ চিলাৰায়ৰ পৰাক্ৰমতে কোঁচ ৰাজ্যৰ
কৰতলীয়া হয়। মুছলমান আক্রমণকাৰীসকলে বিধ্বস্ত কৰি যোৱা হিন্দু মন্দিৰসমূহ চিলাৰায়ে
পুনৰ নিৰ্মাণ কৰোৱায়। চিলাৰায় আছিল বিদ্যোৎসাহী পুরুষ। নৰ- নাৰায়ণৰ লগত শংকৰদেৱৰ
সম্ভাৱ স্থাপনৰ প্রধান সহায়ক আছিল চিলাৰায়। পাছত তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লয়। তেওঁৰ
অনু- বোধতে শংকৰদেৱে 'বাম বিজয়' নাটক লিখে আৰু মাধবদেরে বচনা কৰে 'জন্ম বহস্য' পৃথি। ১৫৬৮
চনত চিলাবায়ে গৌড় বাজ্য আক্রমণ কৰে যদিও গৌড়ব নবাবৰ হাতত তেওঁ বন্দী হয়। পাছত
অৱশ্যে নবাবৰ মাতৃক সর্প দংশনৰ পৰা আৰোগ্য কৰাত তেওঁৰ অনুগ্রহত চিলাৰায়ে মুক্তি
লাভ কৰে। ইয়াৰ পাছত ১৫৭৫ চনত মোগলৰ লগ হৈ গৌড় ৰাজ্য আক্রমণ
কৰে আৰু এই যুদ্ধত ব্যস্ত থাকোঁতেই বসন্ত ৰোগত চিলাৰায়ৰ মৃত্যু হয়।
১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যুত
লক্ষ্মীনাৰায়ণ কোঁচবিহাৰৰ ৰজা হয় যদিও নৰনাৰায়ণৰ মৃত্যুৰ পাছত ঘৰুৱা কন্দলৰ সৃষ্টি
হয়। ইয়াৰ ফলত মোগল আৰু আফগানসকলে কোঁচসকলৰ ভিতৰুৱা ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ
সুবিধা পায়। ১৬১৫ চনত কোঁচ ৰাজ্য বা কামৰূপ মোগলৰ অধীন হয়।
মোগলে কোঁচ ৰাজ্য অধিকাৰ কৰাত
তেতিয়াৰ কোঁচ ৰজা বলীনাৰায়ণে আহোমৰ সহায়ত মোগলৰ হাতৰ পৰা ভৰলী আৰু বৰনদীৰ মাজৰ
অঞ্চল পুনৰ নিজৰ হাতলৈ আনে। ইয়াৰ পাছত তেওঁ ধর্মনাৰায়ণ নাম লৈ দবস্তুত আহোমৰ
থাপিত-সঞ্চিত (অর্থাৎ, আশ্রিত ৰজা) হিচাপে থাকে। ইংৰাজে অসম অধিকাৰ
কৰালৈকে দৰঙৰ কোঁচ ৰাজবংশ এৰা-ধৰাকৈ আহোমৰ কৰতলীয়া হৈ আছিল।
জয়ন্তীয়া ৰাজ্য
জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণে
সমতলৰ কিছু ঠাই জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। মাতৃপ্রধান জয়ন্তীয়াসকলে আহোমৰ লগত
বৈবাহিক সম্বন্ধস্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহোমৰ হৈ মোগলৰ বিৰুদ্ধে যুঁজ
দিছিল। পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত এই ৰাজ্য
প্ৰতিষ্ঠা কৰে। ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন
কোঁচৰ তলতীয়া কৰে।
সপ্তদশ শতিকাৰ আৰম্ভণিত ধনমাণিক
নামৰ এজন জয়ন্তীয়া ৰজাই কছাৰীৰ লগত
ৰণত পৰাজিত হৈ আহোমৰ ৰজা প্রতাপ সিংহৰ
লগত বৈবাহিক সম্বন্ধ স্থাপন কৰে আৰু আহোমৰ লগ হৈ কছাৰী ৰাজ্য আক্ৰমণ কৰে।
ধনমাণিকৰ পাছত ক্রমে যশমাণিক, সুন্দৰৰায়, ছোট পৰ্বতৰায়
আৰু যশোমত্ত ৰায় জয়ন্তীয়া ৰজা হয়। যশোমত্ত ৰায় আহোম স্বৰ্গদেউ নৰিয়া ৰজাৰ
(১৬৪৪-১৬৪৮) সমসাময়িক আছিল। আহোম ৰজা জয়ধ্বজ সিংহৰ (১৬৪৮-১৬৬৩) সিংহাসনাৰোহণৰ পাছত
যশোমত্ত ৰায়ে ডিমৰুৱা, গোভা, নেলী আৰু খলা ৰাজ্য জয়ন্তীয়াক ঘূৰাই দিব লাগে বুলি দাবী
কৰাত দুয়ো ৰাজ্যৰ মাজৰ মিলভাবৰ অন্ত পৰে। ১৬৬০ চনত যশোমত্তৰায়ৰ মৃত্যু
হোৱাত তেওঁৰ নাতিয়েক ৰাম সিং জয়ন্তীয়াৰ ৰজা হয়। ইয়াৰ পাছত
ক্রমে প্রতাপ সিং, লক্ষ্মী সিং, ৰাম সিং, জয় নাৰায়ণ, চক্র সিং, যাত্ৰানাৰায়ণ আৰু বিজয় নাবায়ণে জয়ন্তীয়া ৰাজ্যত ৰাজত্ব
কৰে। বিজয় নাৰায়ণৰ পাছতেই আহোম ৰাজ্যব লগতে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়।
কছাৰী ৰাজ্য
ত্রয়োদশ শতিকাৰ আগভাগতে দিখৌৰ পৰা
কলগুলৈকে ব্রহ্মহ্মপুত্ৰৰ দুয়োপাৰে কছাৰীসকলৰ ৰাজ্য আছিল। কছাৰীসকলে নিজকে পাণ্ডব-
বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। তেওঁলোকে দিখৌ নদীৰ পৰা কপিলী নদী- লৈকে
আৰু দক্ষিণে বৰ্তমানৰ ডিমা হাছাও (পূৰ্বৰ উত্তৰ কাছাৰ পাহাৰ) জিলাত শাসন কৰিছিল।
পঞ্চদশ শতিকাৰ শেষৰ ফালে আহোমৰ ৰাজ্য বিস্তাৰৰ ফলত কছাৰীসকলে তেওঁলোকৰ ৰাজধানী
হিড়িম্বাপুৰসহ (বৰ্তমানৰ ডিমাপুৰ) ৰাজ্যৰ বহু অংশ আহোমক এৰি দিবলগীয়া হয়। ইয়াৰ
পাছত আহোমে কছাৰী, কোঁৱৰ ডেটচুঙক ডিমাপুৰত আহোমৰ কৰতলীয়া ৰজা পাতে। (১৫৩১)
সেই সময়ৰ পৰাই আহোমে কছাৰীসকলক 'থাপিত-সঞ্চিত'
বুলি জ্ঞান কব্বিলৈ ধৰিলে। পাঁচবছৰ
কৰতলীয়া হৈ থকাৰ পাছত ১৫৩৬ চনত ডেটচুঙে আহোমৰ বিৰুদ্ধে বিদ্রোহকৰাত আহোম সৈন্যই
ডিমাপুৰ ধ্বংস কৰি ডেটচুণ্ডক হত্যা কৰে।
দৰং ৰাজবংশাৱলীৰ পৰা জনা যায় যে
ষষ্ঠদশ শতিকাৰ মাজভাগত কোঁচ সেনাপতি চিলাৰায়ে তেতিয়াৰ কছাৰী ৰাজধানী মাইবং অধিকাৰ
কৰি কোঁচৰ কৰতলীয়া কৰে। অৱশ্যে চিলাৰায়ৰ মৃত্যুৰ পাছত কোঁচ ৰাজ্যত সৃষ্টি হোৱা
গৃহকন্দলৰ সুযোগ লৈ কছাৰীসকলে পুনৰ নিজকে স্বাধীন বুলি ঘোষণা কৰে।
আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ সময়ত
কছাৰী ৰজা তাম্ৰধ্বজে নিজকে স্বাধীন বুলি ঘোষণা কৰাত ৰুদ্ৰ সিংহই কছাৰী ৰাজ্য
আক্র- মণ কৰে। যুঁজত হাৰি তাম্ৰধ্বজে আহোমৰ বশ্যতা স্বীকাৰ কৰাত ৰুদ্ৰ সিংহই তেওঁক
কৰ-তলীয়া কৰি ৰাখে। তাম্ৰধ্বজৰ পাছত শূৰদৰ্প নাৰায়ণ, হৰিচন্দ্ৰ নাৰায়ণ আৰু
কীৰ্তিচন্দ্ৰ নাৰায়ণ কছাৰীৰ ৰজা হয়।
মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ সময়ত
কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজত্বকালত কছাৰী ৰাজ্যত আশ্রয় লোৱা মোৱামৰীয়া প্রজাসকলক
আহোম ৰাজ্যলৈ ওভতাই পঠিয়াবলৈ আহোম স্বৰ্গদেউৱে কৰা অনুৰোধ কছাৰী ৰজাই নৰখাত আহোমে
১৮০৩ চনত পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি কছাৰীক পৰাস্ত কৰে
আৰু ইয়াতেহ আহোম-কছাৰীৰ সম্বন্ধৰো ওৰ পৰে। ১৮১৩ চনত কৃষ্ণচন্দ্ৰৰ মৃত্যুত
গোবিন্দচন্দ্র (১৮১৩-১৮৩০) কছাৰীৰ বজা হয়। গোবিন্দচন্দ্রই কছাৰীৰ শেষ বজা।
১৮৩০ চনৰ ২০ এপ্ৰিলত মণিপুৰৰ বাজ-
কুমাৰ গম্ভীৰ সিঙৰ প্ৰৰোচনাত কেইজনমান মণিপুৰী লোকে গোবিন্দ চন্দ্ৰক হত্যা কৰে।
ইয়াৰ দুবছৰৰ পাছত ১৮৩২ চনৰ ১৪ আগষ্টত ইংৰাজে কছাৰী ৰাজ্য অধিগ্রহণ কৰি লয়।
খামতি ৰাজ্য
প্রাচীন কুণ্ডিল নদীৰ পাৰৰ শদিয়াৰ
অধিবাসী আছিল খামতিসকল। আদিতে তেওঁলোক চীনৰ পশ্চিম অঞ্চলৰ বাসিন্দা আছিল। ১৭৫১-৫৪
চনৰ ভিতৰত তেওঁলোকৰ বহুসংখ্যক শদিয়া অঞ্চললৈ আহে। ১৭৯৪ চনত খামতিসকলে তৎকালীন আহোম
ৰাজ্যৰ প্রশাসনিক বিষয়া শদিয়াখোৱা গোহাঁইৰ পদবী আৰু মৰ্যাদাকে তেওঁলোকৰ মুখীয়ালজনক
দি প্রায় স্বতন্ত্রভাবে শাসন কৰিবলৈ ধৰে। খামতিসকলৰ ৰাজ্যৰ পৰিসীমা দিহিং নদীব
দক্ষিণৰ পৰা উজনি ব্রহ্মদেশৰ (ম্যানমাৰ) হুকং উপত্যকালৈ বিস্তৃত আছিল।
১৮২৬ চনৰ ১৫ মে'ত খামতিসকলৰ
লগত বুজাপৰাৰ মাধ্যমেৰে স্বাক্ষৰিত এক চুক্তিব দ্বাৰা শদিয়াখোৱা গোঁহাইক ইংৰাজ
প্রশাসনৰ প্রতিনিধি জ্ঞান কৰি শাসনকার্য চলাই থাকিবলৈ দিয়া হৈছিল। তেনেদৰেই ইংৰাজ-
সকলে খামতিসকলক ব্রহ্মদেশৰ (মান) সম্ভাব্য আক্রমণৰ প্ৰতিৰোধক হিচাপে গঢ়ি তুলিছিল।
উল্লিখিত ১৮২৬ চনৰ চুক্তিখনৰ জৰিয়তে ইংৰাজে খামতিসকলৰ প্ৰভুত্ব স্বীকাৰ কৰি লেছিল
আৰু তাৰ বাবে খামতিৰাজে ইংৰাজক কোনো ধৰণৰ কৰ-কাটল দিব নালাগিছিল। অৱশ্যে ইংৰাজে
দিয়া অস্ত্র-শস্ত্ৰেৰে সু-সজ্জিত আৰু ২০০ লোকেৰে গঠিত এটি সেনাবাহিনী লাজু কৰি
ৰাখিব লাগিছিল, যাতে চুবুৰীয়া ত্রিকোনো জনগোষ্ঠীৰ আক্ৰমণ অতি সহজে
তিহত কৰিব পৰা যায়। এই
চুক্তিমর্মে খামতি-সকলে শদিয়াত এজন ইংৰাজ ৰাজনৈতিক বিষয়া ৰাখিবলৈ বাধ্য আছিল যদিও
আভ্যন্তৰীণ- ভাবে তেওঁলোকে সম্পূর্ণ স্বায়ত্তশাসন লাভ কৰিছিল। কিন্তু ১৮৩৫ চনত
শদিয়াখোরা গোঁহাই আৰু মটক ৰাজ্যৰ মতিবৰ বৰ সেনা- পতিৰ মাজত সীমা বিবাদক কেন্দ্ৰ
কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ লৈ ইংৰাজে শদিয়া- খোৱা গোহাঁই পদবীটোৰ অৱসান ঘটায়
আৰু সমুদায় অঞ্চলটো ইংৰাজ ৰাজ্যৰ সৈতে চামিল কবে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত
আৰু ইংৰাজে ক্রমাগতভাবে চলাই থকা স্বার্থান্বেষী নীতিত কষ্ট হৈ খামতিসকলে ১৮৩৯ চনৰ
১৯ জানুৱাৰীত শদিয়া আক্ৰমণ কৰি পলিটিকেল এজেন্ট কর্ণেল হোৱাইটক (White) হত্যা
কৰে। খামতিসকলৰ এই বিদ্ৰোহৰ ফলত সেই সময়ত নাথান ব্রাউনৰ নেতৃত্বত আৰম্ভ হোৱা
আমেৰিকান মিছনেৰীসকলৰ কার্যকলাপ বাৰুকৈয়ে ক্ষতিগ্রস্ত হয়। এই বিদ্রোহ দমন কৰিবলৈ
ইংৰাজক পাঁচ বছৰ (১৮৩৯-৪৩) সময় লাগিছিল। আত্মসমর্পণৰ পাছত খামতি- সকলক ইংৰাজে
ধেমাজি, নাৰায়ণপুৰ, মাইজান, ডিব্ৰুগড় আদি ঠাইত সংস্থাপন কৰে।
চিংফৌ ৰাজ্য
চিংফৌসকলৰ আদি বাসস্থান আছিল
ব্ৰহ্মদেশৰ (ম্যানমাৰ) ইৰাৱতী নৈৰ পূবত। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত, ১৭৯৩ চনমানত
তেওঁলোক অসমলৈ আহে। ক্রমে তেওঁলোকে পাটকাই পাহাৰৰ নামনি তথা শদিয়াৰ পূবত টেঙাপানী
আৰু বুঢ়ীদিহিং নদীৰ উজনি অংশত (বৰ্তমানৰ নামৰূপ অঞ্চল) ৰাজ্য পাতে। চিংফৌসকল আছিল
শক্তিশালী জনগোষ্ঠী। তেওঁলোকে সময়-সুবিধা বুজি আহোম ৰাজ্য আক্রমণ কৰি কেতিয়াবা
আনকি আহোমৰ ৰাজধানী ৰংপুৰ পর্যন্ত পাইছিলগৈ। অৱশ্যে ইংৰাজ অহাৰ পাছত চিংফৌসকলৰ
এনেধৰণৰ আক্ৰমণ বন্ধ হয়। ১৮২৬ চনত চিংফৌসকলে ইংৰাজৰ সৈতে চুক্তি কৰি তেওঁলোকৰ বশ্যতা
স্বীকাৰ কৰে আৰু যুদ্ধ তথা আন অশান্তিৰ সময়ত ইংৰাজ চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ
প্রতিশ্রুতি দিয়ে। খামতি বিদ্রোহৰ দমনত চিংখৌসকলে ইংৰাজক সহায় কৰিছিল।
চিংফৌসকলৰ পৰাক্ৰমী নেতা আছিল
দুফা গাম। তেওঁৰ নেতৃত্বতে চিংফৌসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। ১৮৪৭ চনৰ
আদিতে চিংফৌসকলৰ শেষৰটো বিদ্রোহ ইংৰাজসকলে কঠোৰ হাতেবে দমন কৰে। তাৰ পাছত তেওঁলোকে
ইংৰাজৰ বিৰুদ্ধে কোনো অশান্তিৰ সৃষ্টি কৰা নাছিল। বর্তমান
চিংফৌসকলে মূলতঃ অৰুণাচল প্রদেশব টিবাপ সীমান্ত অঞ্চলত বাস কৰে।
মটক ৰাজ্য
ইংৰাজসকল অসমলৈ অহাৰ সময়ত উজনি
অসমৰ একেবাৰে পূবৰ শদিয়াৰ দক্ষিণে, ব্ৰহ্মপুত্র আৰু বুঢ়ীদিহিং নদীৰ মাজৰ কিলাকুটীয়া অঞ্চলটোতে
আছিল মটক ৰাজ্য। মটকসকল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ লোক। মটক নামটো আদিতে খামতিসকলে
দিয়া। মটক- সকলে বসবাস কৰা উক্ত অঞ্চলটোৱেই আছিল মটক ৰাজ্য। ইংৰাজৰ আগমনৰ সময়ত এই
অঞ্চলব মাটিকালি আছিল প্রায় ৩,১৫৫ বর্গ কিলোমিটাৰ। মৰাণ, কছাৰী তথা মটকসকলৰ অধিকাংশই
মায়ামৰা সত্ৰৰ শিষ্য হোৱাত তেওঁ- লোকক মোৱামৰীয়া নামেৰেও জনা গৈছিল। আহোম
ৰাজমন্ত্রী পূর্ণানন্দ বুঢ়াগোঁহায়ে এই . ৰাজ্যৰ মুখিয়ালজনক বৰসেনাপতি পদবী দি
অঞ্চলটোৰ শাসনকর্তা পাতে। মটক ৰাজ্যৰ প্রথমজন বৰসেনাপতি আছিল মতিবৰ বৰ- সেনাপতি।
গুইজান নৈৰ পাৰৰ বঙাগড়া আছিল এই বাজ্যৰ ৰাজধানী। ইংৰাজ অহাৰ পাছত তেওঁলোকে মটক
ৰাজ্যৰ বৰসেনাপতিক অৰ্দ্ধ স্বাধীনভাবে নিজ বাজ্য চলাবলৈ অনুমতি দিয়ে। ১৮২৬ চনৰ মে' মাহত কৰা এক
চুক্তিৰ জৰিয়তে মতিবৰ বৰসেনাপতিযে ইংৰাজৰ প্ৰভুত্ব স্বীকাৰ কৰে আৰু ৰাজ্যৰ মুঠ
পাইকৰ তিনি- ভাগৰ দুভাগ ইংৰাজক দিবলৈ সন্মত হয়। লগতে যুদ্ধ হ'লে অন্যান্য
বচদ-পাতি যোগান ধৰিব বুলিও তেওঁ ইংৰাজক প্রতিশ্রুতি দিয়ে।
কিন্তু কার্যক্ষেত্রত চুক্তিৰ
চৰ্ত পূৰণত নানান বেমেজালিয়ে দেখা দিয়াত ইংবাজে পূর্ণব চুক্তি পৰিহাৰ কৰি ১৮৩৫ চনত
এখন নতুন চুক্তি কবে। নতুন চুক্তি অনুসৰি বৰসেনাপতিক পাইকৰ সলনি বছৰি ১২০০০ টকা
ইংৰাজক দিবলৈ কোৱা হ'ল। বহু খটবান্ধৰ মূৰত ধনৰ পৰিমাণ ১৮০০ টকালৈ হ্রাস কৰা হয়।
অৱশ্যে এই নিৰিখ বৰসেনাপতি জীয়াই থকালৈহে প্রযোজ্য হ'ব বুলি ইবোজে
স্পষ্টকৈ জনাই দিয়ে। ১৮৩৯ চনত মতিবৰ বৰসেনাপতিৰ মৃত্যু হয়। মৃত্যুৰ আগে আগে তেওঁ
দ্বিতীয় পুত্র মাজু গোহাঁইক উত্তৰাধিকাৰী মনোনীত কৰি থৈ যায়। সেইমতে মাজু গোহাঁই
বৰসেনাপতি হয়। কিন্তু ইংৰাজৰ লগত কৰা চুক্তিৰ চৰ্তসমূহ মতিবৰ বৰসেনাপতিৰ মৃত্যুৰ
লগে লগে ওৰ পৰিছিল। সেই সময়তে মৰাণ-মটকসকলৰ বিভিন্ন গোটৰ মাজত নানান মতবিৰোধেও
দেখা দিলে। তেনে অৱস্থাত ইংবাজে নতুন কিছু চর্ত আগবঢ়ায়। কিন্তু বৰসেনাপতি পৰিয়ালে
চৰ্তবোৰ মানিবলৈ অমান্তি হোৱাত ইংৰাজে সমগ্র মটক ৰাজ্যৰ প্রশাসনিক দায়িত্ব নিজেই
গ্রহণ কৰে। দৰাচলতে চাহখেতিৰ উপযোগী পর্যাপ্ত পৰিমাণৰ পতিত মাটি থকা বাবেই ইংৰাজে
মটক ৰাজ্য অধিকাৰ কৰি লোৱাৰ সুযোগত আছিল। অৱশেষত ১৮৪২ চনৰ ২৬ ডিচেম্বৰত ইংৰাজে মটক
ৰাজ্য অধি- গ্রহণ কৰি লখিমপুৰ জিলাৰ লগত চামিল কৰে।
বাৰভূঞা
বাৰভূঞাসকল হ'ল প্রাচীন কালত অসমৰ এক খণ্ড শাসন কৰা ভূঞাসকলৰ বাৰটা পৰিয়াল। ভূঞাসকলৰ আগত 'বাৰ' শব্দটো থকা সম্পৰ্কত বুৰঞ্জীবিদ এডবার্ড গেইটে অনুমান কৰিছে, ভাৰতৰ এই অঞ্চলৰ ৰজাসকলে বাৰজন উপ- দেষ্টাবা শাসনকর্তা নিয়োগ কৰিছিল। গতিকে বাৰ সংখ্যাটো সন্মানসূচক অৰ্থত ব্যৱহাৰ হয়। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামরূপ-কমতাব পূবত ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল। সময় সাপেক্ষে ৰাজ- নৈতিক পৰিস্থিতি বুজি ভূঞাসকলে কেতিয়াবা স্বাধীনভাৱে আৰু কেতিয়াবা আন ৰজাৰ অধীনত নিজ নিজ অঞ্চলত শাসনকার্য চলাইছিল। ৰজা নোহোৱাকৈ যিসকলে নিজ ভুজবলে ৰাজ্য শাসন কৰিছিল তেওঁলোকক ভূঞা বোলা হৈছিল। প্রত্যেকজন ভূঞাই নিজ নিজ ৰাজ্যৰ ভিতৰত আন আন ভূঞাৰ পৰা স্বাধীন আছিল। কিন্তু উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোকে এক- গোট হৈ থিয় দিছিল। চিলাৰায়ৰ লগ হৈ এওঁলোকে আহোমৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰি স্বাধীন হৈছিল যদিও আহোম স্বৰ্গদেউ প্রতাপ সিংহই বাৰভূঞাসকলক উঠিব নোৱাৰাকৈ দমন কৰিছিল।
إرسال تعليق