Dear Aspirants, ♥
এই post টো মোৰ এজন বন্ধু (APSC Aspirant) -ৱে লিখিছে । Post টোত ব্যক্ত কৰা সকলোখিনি কথা মোৰ অন্তৰ মগজু চুই গল । গতীকে ভাবিলো কথাখিনি আপোনালোকলৈও আগবঢ়াও । মই আশাবাদী যে সকলোৱে ভালদৰে post টো পঢ়িব ।
💨 APSC ত চাকৰি নাপালে বুলিয়ে তাৰ এইটো অৰ্থ নহয় যে তেওঁলোক অসফল !
সদ্য ঘোষিত অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC ত বহুতেই এইবাৰ চাকৰি পালে। চাকৰি পোৱা সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। কিন্তু যিসকলে অৱশেষত চাকৰি নাপালে তাৰ এইটো অর্থ নহয় যে তেওঁলোক চাকৰি পোৱা সকলতকৈ অসফল বা কম চোকা। মোৰ এই লেখাটো সেই অৱশেষত চাকৰি নোপোৱা সকলৰ বাবেহে। বিতৰ্ক নকৰি কথাখিনিৰ গভীৰতা বুজিবলৈ যত্ন কৰিব।
অসম লোকসেৱা আয়োগে কালি এইবাৰ অনুষ্ঠিত হোৱা APSC পৰীক্ষাৰ Cut off marks লিষ্টখন মুকলি কৰি দিছে। এইবাৰ APSC পৰীক্ষাৰ CCE (Main) ৰ General caste ৰ Cut off marks হৈছে পুৰুষ আৰু মহিলা উভয়ৰ বাবে ৬১৪; অৰ্থাৎ General caste ৰ যিসকল পৰীক্ষাৰ্থীয়ে ৬১৩ ও পাইছে তেওঁলোকে APSC চাকৰি বাবে যোগ্যতা অৰ্জন নকৰিলে। সেইদৰে OBC caste ৰ Cut off marks হৈছে পুৰুষ আৰু মহিলা উভয়ৰ বাবে ৫৭৯। অৰ্থাৎ OBC caste ৰ যিসকল পৰীক্ষাৰ্থীয়ে ৫৭৮ ও পাইছে তেওঁলোকে APSC চাকৰি বাবে যোগ্যতা অৰ্জন নকৰিলে। কিন্তু এটা কথা মন কৰিব ইয়াত General caste ৰ যিসকল পৰীক্ষাৰ্থীয়ে ৬১৩ বা ৬০০ পাইছিল সেইসকল OBC caste ৰ হোৱা হেঁতেন আৰামত APSC চাকৰি বাবে যোগ্যতা অৰ্জন কৰিলে হেঁতেন। এই ৫৭৯ ৰ পৰা ৬১৩ লৈকে নম্বৰ পোৱা General caste ৰ পৰীক্ষাৰ্থী সকলৰ চাকৰি নোপোৱাৰ বাবে অপৰাধ কি তেওঁলোক General caste ঘৰত জন্ম ললে।
সেইদৰে SC Caste ৰ Cut off marks হৈছে পুৰুষ আৰু মহিলা উভয়ৰ বাবে ৫৭০, ST(Plains) Caste ৰ Cut off marks হৈছে পুৰুষৰ বাবে ৫৫৯ আৰু মহিলাৰ বাবে ৫৫৫, ST(Hills) Caste ৰ Cut off marks হৈছে পুৰুষ আৰু মহিলা উভয়ৰ বাবে ৫১৯ মাত্ৰ আৰু Ex Servicemen ৰ ৪৪২. Locomotor, Deaf আৰু Low vision category আলোচনা কৰিব খোজা নাই কাৰণ তেওঁলোকে শাৰীৰিক সক্ষম ব্যক্তি, তেওঁলোকক মোৰ বোধেৰেও Reservation category ৰখা উচিত।
এই গোটেই Cut off marks লিষ্ট খন চাই কেনে অনুভৱ হৈছে বাৰু! কোনোবা সুস্থ পৰীক্ষাৰ্থী ৪৪২ বা ৫১৯ পাইও চাকৰি পাইছোঁ বুলি গৰ্ব কৰিছে আৰু কোনোবায়ে ৫৭৮ বা ৬১৩ পাইও অসফল বুলি ভাবি ভাগি পৰিছে। এই যে ৫৭৮ বা ৬১৩ পোৱা পৰীক্ষাৰ্থীজনক আমি APSC ফেইল কৰা বুলি ক'লো আৰু ৪৪২ বা ৫২০ পোৱা জনক APSC ত চাকৰি পালে বুলি গৰ্ব কৰিলোঁ, তেওঁলোক গাণিতিক ভাবে সঁচাকৈয়ে APSC ফেইল নে! গাণিতিক ভাবে ৫২০ পোৱা জনে যদি চাকৰি পাই ৬১৩ পোৱা জনে ২০০% চাকৰি পাব লাগিছিল। কিন্তু কিয় নাপালে! কাৰণ তেওঁলোক General বা OBC ঘৰত জন্ম হ'ল। যাৰ পাপ ভোগ কৰিব লাগিব গোটেই জীৱন। এইটো উচিত নে বাৰু!
মইও OBC caste ৰ; মই চাগৈ এইবাৰ যদি পৰীক্ষা দিলোঁহৈ আৰু ৫৮৫ পালোঁহেঁতেন মই চাকৰি বাবেও যোগ্যতা পালোঁহেঁতেন। কিন্তু মোৰ লগৰ General caste বন্ধু এজনে যেতিয়া ৬১০ পাইও চাকৰি বাবেও যোগ্যতা নাপাব তেওঁ কি অসফল আৰু মই সফল নেকি! মই এইটো মাত্ৰ উদাহৰণ এটা দিছোঁ। শাৰীৰিক/মানসিক ভাবি সুস্থ-সবল মানুহ, একেখনে প্ৰশ্নকাকত লিখিম তাৰ পাছত নম্বৰ কম পোৱাতো উত্তীৰ্ণ, বেছি পোৱাতো ফেইল! ই কেনে নিয়ম!
Reservation অৰ্থাৎ সংৰক্ষণৰ আগৰ পৰা মই ঘোৰ বিৰোধী। মই মাত্ৰ বিশ্বাস কৰো যোগ্যতাক। মোৰ যদি যোগ্যতা আছে মই পাম, যদি নাই মই আঁতৰি দিম, যোগ্যতা থকাজন আগুৱাই আহিব সেইটোৱেই 'ফৰ্মূলা'। আম্বেদকাৰে যেতিয়া এই Reservation প্ৰথা আৰম্ভ কৰিছিল তেতিয়া তাৰ প্ৰয়োজন আছিল। জাত-পাত বেছি আছিল। এতিয়া এইবোৰ নাই। জাত-পাতক আজি কিছু সংখ্যকৰ বাদে কোনেও গুৰুত্ব নিদিয়ে। গুৰুত্ব দিয়ে মাথোঁ যোগ্যতাক। যোগ্য যদি তুমি পাবা। কিন্তু এতিয়াও চাকৰি/স্কুল/কলেজত এই Reservation চিষ্টেমে এচাম যোগ্য ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলাইছে। Reservation চিষ্টেমৰ বাবে যোগ্য হ'লেও স্কুল/কলেজত আসন নাপাই, চাকৰি নাপায়। এচামে কম যোগ্য হ'লেও মাত্ৰ Reservation চিষ্টেমৰ বাবেই সকলোতে স্থান পাই। তাৰ অর্থ এইটোও যে আমি যোগ্য জনক কাম নিদি, কম যোগ্য জনক কাম দিলোঁ। তাৰ ফলাফলো তেনেই হ'ব। যোগ্য জনে যি Outputs দিব, কম যোগ্য জনে নিশ্চয় কম Outputs দিব।
আজি মোৰ বেয়া লাগিছে সেইসকল পৰীক্ষাৰ্থীলৈ যিয়ে ৫৭৮ বা ৬১৩ পাইও চাকৰিৰ বাবে যোগ্যতা নাপালে। তেওঁলোক অসফল বা অকৃতকাৰ্য নহয়, অসফল বা অকৃতকাৰ্য হৈছে আমাৰ এই চৰকাৰী Reservation প্ৰথা; যিয়ে যোগ্য জনক যোগ্য স্থান পোৱাত বাধা দিয়ে।
চৰকাৰে চহৰ-নগৰ-ৰাস্তাৰ, কলেজ-বিদ্যালয়-ষ্টেডিয়াম-অভয়াৰণ্যৰ নাম সলনি কৰিছে, বিভিন্ন নতুন আইন-নীতি সংশোধন কৰিছে বা প্ৰণয়ন কৰিছে তেনে ক্ষেত্ৰত এই Reservation প্ৰথাৰ আইনখনো সংশোধন কৰি প্ৰায়বোৰ Reservation বন্ধ কৰি দিয়া উচিত। পঢ়া-শুনাৰ ক্ষেত্ৰত মাত্ৰ শাৰীৰিক আৰু মানসিক সক্ষম লোকৰ বাবে Reservation ৰখা উচিত। য'ত শাৰীৰিক অবয়ব প্ৰয়োজন তাত এই ST/SC Reservation ৰাখক কাৰণ ঠাই-ভেদে শাৰীৰিক অবয়ব সলনি হয়। বাকী পঢ়া-শুনা আৰু চাকৰিৰ বাবে Reservation সম্পূৰ্ণ বন্ধ কৰা উচিত। এই Reservation প্ৰথায়ে বহু যোগ্য মেধা ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলাইছে।
Never stop fighting until you arrive at your destined place – that is, the unique you. Have an aim in life, continuously acquire knowledge, work hard, and have the perseverance to realize the great life.
- A. P. J. Abdul Kalam.
Reservation প্ৰথা আইনখন সম্পূৰ্ণভাবে বন্ধ হোৱা বিচাৰে নে ?
Comment কৰি জনাব । ধন্যবাদ !
Post a Comment