অসমৰ
ৰাজনীতি
(toc)
স্বাধীনতাৰ পূৰ্বে অসমখন সক্রিয়ভাৱে ৰাজনৈতিক কার্যকলাপত জড়িত হৈ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল। যদিওবা 1874 চনত শ্বিলঙক ৰাজধানী হিচাপে লৈ অসমক এখন প্রদেশ হিচাপে ভাৰতৰ ব্ৰিটিছ সাম্রাজ্যত আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰা হৈছিল, অসম 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু চুক্তিৰ অধীনত অৱধাৰিতভাৱেই ব্ৰিটিছ শাসনৰ অধীনস্থ হৈ আছিল।
1903 চনত অসমৰ প্ৰথম ৰাজনৈতিক সংগঠনসমূহৰ ভিতৰত অন্যতম 'আছাম এচোচিয়েশ্যন' প্রভাত চন্দ্ৰ বৰুৱাক সভাপতি আৰু মানিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা 1921 চনত গঠন কৰা হৈছিল।
অসমৰ
চৰকাৰসমূহ (প্রাক-স্বাধীনতা কাল) (Governments in Assam
(Pre-Independence))
1937 চনৰ পৰা 1947 চনলৈ অসমত চৰকাৰৰ মুঠ ছয়টা পৃথক কার্যকাল
আছিল যাৰ ভিতৰত 242 দিনৰ শূণ্য কার্যকালক আমি ৰাজ্যপালৰ শাসন হিচাপে ধৰিব পাৰোঁ।
এই সময়ছোৱাত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী (তেতিয়াৰ মুখ্য/প্রধান মন্ত্রী) আছিল চৈয়দ
মহম্মদ ছাদুল্লা। 1937 চনৰ 1 এপ্ৰিলৰ পৰা 1938 চনৰ 19 ছেপ্টেম্বৰলৈকে ছাদুল্লাৰ
নেতৃত্বত প্ৰথমখন চৰকাৰ গঠন কৰা হয়। স্বাধীনতাৰ পূর্বে সংশ্লিষ্ট মুখ্যমন্ত্ৰীসকলৰ
(তদানীন্তন প্রধান মন্ত্রী) সৈতে চৰকাৰৰ তালিকাবোৰ নিম্নলিখিত ধৰণৰ:
- 1937 চনৰ 1 এপ্ৰিলৰ পৰা 1938 চনৰ 19 এপ্ৰিললৈ - ভাৰত
চৰকাৰ আইন 1935-ৰ পাছত 1937 চনৰ 1 এপ্ৰিলত অসমত প্ৰথমখন চৰকাৰ গঠন কৰা হয় আৰু ছাব
চৈয়দ মহম্মদ ছাদুল্লা হ'ল অসমৰ প্ৰথম প্ৰধান মন্ত্রী।
- 1938 চনৰ 19 ছেপ্টেম্বৰৰ পৰা 1939 চনৰ 17 নৱেম্বৰলৈ - এবছৰ আৰু এশ এসত্তৰ দিন ধৰি চলা অসমৰ প্ৰথমখন চৰকাৰৰ পিছত গোপীনাথ বৰদলৈৰ নেতৃত্বত দ্বিতীয়খন চৰকাৰ কাৰ্যকৰী হয়। বৰদলৈৰ নেতৃত্বত এই চৰকাৰখন এবছৰ আৰু উনপঞ্চাশ দিন ধৰি বৰ্তি আছিল।
- 1939 চনৰ 17 নৱেম্বৰৰ পৰা 1941 চনৰ 24 ডিচেম্বৰলৈ - এইবাৰ আকৌ ছাৰ চৈয়দ মহম্মদ ছাদুল্লাই অসমৰ প্রধান মন্ত্রী হয়। এই চৰকাৰখন দুবছৰ আৰু ছয়ত্রিশ দিন ধৰি বৰ্তি আছিল।
- 1941 চনৰ 25 ডিচেম্বৰৰ পৰা 1942 চনৰ 24 আগষ্টলৈ - এই সময়ছোৱাত অসমত কোনো চৰকাৰ নাছিল আৰু ই 242 দিনলৈ এনেদৰেই খালী হৈ থাকে।
- 1942 চনৰ 25 আগষ্টৰ পৰা 11 ফেব্ৰুৱাৰী 1946 লৈ - এই সময়ছোৱাত ছাৰ চৈয়দ মহম্মদ ছাদুল্লা আকৌ এবাৰ অসমৰ প্রধান মন্ত্ৰী হয়। অসমৰ প্ৰধান মন্ত্ৰী হিচাপে ছাদুল্লাৰ এয়া তৃতীয় আৰু অন্তিমটো কার্যকাল।
- 1946 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 1950 চনৰ 25 জানুৱাৰীলৈ - গোপীনাথ বৰদলৈ আকৌ এবাৰ অসমৰ প্ৰধান মন্ত্ৰী হয়। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ অসমৰ প্ৰথমজন প্রধান মন্ত্রী আছিল।
অসমৰ
ৰাজ্যপালসমূহ (প্রাক- স্বাধীনতা কাল) (Governors in Assam
(Pre-Independence))
- ছাৰ ৰবাৰ্ট নীল ৰীড (মুঠ তিনিটা কার্যকাল, কিন্তু ক্রমান্বয়ে নহয় (4 মার্চ 1937 – 24 জুন 1938,
25 অক্টোবৰ 1938 – 24 ফেব্ৰুৱাৰী 1939 আৰু 5
অক্টোবৰ 1939 – 3 মে' 1942)
- ছাৰ গিলবার্ট পিচিন হগ (25 জুন 1938–24 অক্টোবৰ 1938)
- ছাৰ হেনৰী জোচেফ টুইনাম (24 ফেব্ৰুৱাৰী 1939 – 4 অক্টোবৰ 1939)
- ছাৰ এন্ড্রিউ গৌৰলে ক্ল' (মুঠ দুটা কার্যকাল
কিন্তু ক্রমান্বয়ে নহয়, 4 মে' 1942
– 24 এপ্রিল 1946 আৰু 24 ডিচেম্বৰ 1946 3 মে' 1947)
- ছাৰ ফ্রেডেৰিক চলমাৰ্ছ বোর্ণ (25 এপ্রিল 1946 – 3 ছেপ্টেম্বৰ 1946)
- ছাৰ হেনৰী ফ'লী নাইট (4 ছেপ্টেম্বৰ
1946 - 23 ডিচেম্বৰ 1946)
- ছাৰ আকবৰ হাইদৰী (4 মে' 1947 – 28 ডিচেম্বৰ 1948)
অসমৰ ৰাজ্যপালসকল (স্বাধীনোত্তৰ কাল) (Governors in Assam (Post-Independence))
ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী (4) মে', 1947-ব পৰা 28 ডিচেম্বৰ 1948 লৈ)
- এখেত আছিল ব্রিটিছে নিযুক্তি দিয়া অসমৰ অন্তিমজন ৰাজ্যপাল
যিয়ে 1947 চনৰ 4 মে'ৰ পৰা 1948 চনৰ 28 ডিচেম্বৰলৈ অসমত নিযুক্ত
হৈ আছিল।
- তেওঁ অক্সফর্ডত পঢ়িছিল আৰু ভাৰতীয় অসামৰিক সেৱাত কৰ্মৰত হৈ আছিল।
- ইয়াৰ উপৰিও, তেওঁ ইম্পেৰিয়েল
কাউন্সিল অব এগ্রিকালচাবেল বিচাৰ্ছৰ প্ৰাৰম্ভিক সচিবো আছিল।
- তেওঁৰ ককাক বদৰুদ্দিন তৈয়বজী আই.এন. চি. (ভাৰতৰ জাতীয় কংগ্ৰেছ)-ৰ তৃতীয়গৰাকী সভাপতি আছিল।
- তেওঁৰ কাৰ্যকালৰ পিছত, ছাৰ ব'নাল্ড ফ্রান্সিছ ল'জ কিছু দিনৰ বাবে অসমৰ কার্যকৰী
বাজ্যপাল হয়।
শ্রী প্রকাশ (1949 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা 27 মে' 1950 লৈ)
- ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী আৰু ছাৰ ব'নাল্ড ফ্রান্সিছ ল'জৰ পিছত শ্রী প্রকাশ স্বাধীনোত্তৰ
অসমৰ তৃতীয়গৰাকী ৰাজ্যপাল আছিল।
- পাকিস্তানত তেওঁ ভাৰতৰ প্ৰথমগৰাকী উচ্চায়ুক্তও আছিল।
- সন্মানীয় কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰা শ্রী প্রকাশে 1952 চনত এলাহাবাদ লোকসভা সমষ্টিৰ পৰা প্ৰথম সাংসদ হৈছিল আৰু ভাৰত ত্যাগ আন্দোলনত অংশগ্রহণ কৰি 1942 চনৰ পৰা 1944 চনলৈ কাৰাগাৰবৰণ কৰিছিল।
- তেওঁ মাদ্রাজৰ ৰাজ্যপাল আৰু বোম্বাইৰ ৰাজ্যপাল হিচাপেও কার্যনির্বাহ কৰিছিল।
- অসমৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত লুচাই পাহাৰ উপদেষ্টা পৰিষদ গঠন কৰা হৈছিল।
জয়ৰামদাস দৌলতৰাম (27 মে' 1950-ৰ পৰা 15 মে' 1956)
- ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ অসমৰ চতুৰ্থগৰাকী ৰাজ্যপাল আছিল।
- অসমৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পূৰ্বতে বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
- গোপীনাথ বৰদলৈক লোকপ্রিয় উপাধিটো জয়ৰামদাস দৌলতবামে প্রদান কৰিছিল।
- তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল আৰু ভাৰতীয় স্বাধীনতাৰ বিভিন্ন আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিল। কিছু সময়ৰ বাবে তেওঁ কেন্দ্রীয় খাদ্য যোগান মন্ত্রীও আছিল।
চৈয়দ ফজল আলী (1956 চনৰ 15 মে'ৰ পৰা 22 আগষ্ট 1959 লৈ)
- ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ অসমৰ পঞ্চমগৰাকী ৰাজ্যপাল আছিল।
- তেওঁ নাগালেণ্ডত প্রথমখন মহাবিদ্যালয় স্থাপনৰ সৈতে জড়িত আছিল।
- তেওঁ ৰাজ্য পুনর্গঠন আয়োগৰ মুৰব্বীও আছিল।
- অসমৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ উৰিষ্যাৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো আছিল।
- অসমৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰি থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।
ন্যায়াধীশ চন্দ্ৰেশ্বৰ প্ৰসাদ সিন্হা (23 আগষ্ট
1959 ৰ পৰা 13 অক্টোবৰ 1959 লৈ)
- তেওঁ অসমৰ মুখ্য ন্যায়াধীশ হোৱাৰ লগতে ভাৰতৰ স্বাধীনতাৰ
পিছত অসমৰ ষষ্ঠগৰাকী ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে, যিহেতু কার্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই কার্যনির্বাহ কৰি থকা কালত চৈয়দ ফজল
আলীৰ মৃত্যু হৈছিল।
জেনেৰেল সত্যৱন্ত মাল্লান্নাহ শ্রীনাগেশ
(অৱসৰপ্ৰাপ্ত) (14 অক্টোবৰ 1959-ৰ পৰা 12 নৱেম্বৰ 1960 লৈ আৰু 13 জানুৱাৰী 1961-ৰ
পৰা 7 ছেপ্টেম্বৰ 1962 লৈ)
- ভাৰতৰ স্বাধীনতাৰ পিছত জেনেৰেল এছ এম শ্রীনাগেশ অসমৰ সপ্তমগৰাকী ৰাজ্যপাল হৈছিল।
- তেওঁ ভাৰতীয় সেনাবাহিনীৰ সেনা প্রধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ উপৰিও তেওঁ আন দুখন ভাৰতীয় ৰাজ্য মহীশূৰ আৰু অন্ধ্র প্রদেশৰ ৰাজ্যপাল আছিল।
বিষ্ণু সাহায় (1960 চনৰ 12 নৱেম্বৰৰ পৰা 13
জানুৱাৰী 1961 লৈ আৰু 1962 চনৰ 7 ছেপ্টেম্বৰৰ পৰা 17 এপ্রিল 1968 লৈ অসমৰ ৰাজ্যপাল
হিচাপে দুটা ক্রমাগত কার্যকাল)
- স্বাধীনোত্তৰ অসমৰ তেওঁ অষ্টমগৰাকী ৰাজ্যপাল হৈছিল। পিছত তেওঁ নাগালেণ্ডৰ প্ৰথমগৰাকী ৰাজ্যপাল হয়।
- স্বাধীনতাৰ পাছত জেনেৰেল এছ এম শ্রীনাগেশৰ দৰে তেওঁ ক্রমান্বয়ে দুবাৰকৈ অসমৰ ৰাজ্যপাল আছিল।
ব্রজ কুমাৰ নেহৰু (1968 চনৰ 17 এপ্ৰিলৰ পৰা 7
ডিচেম্বৰ 1970 লৈ আৰু 5 জানুৱাৰী 1971-ৰ পৰা 18 ছেপ্টেম্বৰ 1973 লৈ)
- তেওঁ দুবাৰকৈ অসমৰ ৰাজ্যপাল আছিল।
- আমেৰিকা যুক্তৰাজ্য আৰু গ্রেট ব্রিটেইনৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্রদূতো আছিল।
- তেওঁ বিশ্ব বেংকত কম সময়ৰ বাবে কাৰ্যবাহী সঞ্চালক হিচাপে কাম কৰিছিল।
- অসমকে ধৰি সাতখন ভিন্ন ৰাজ্যৰ বাবে তেওঁ ৰাজ্যপালৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল।
- তেওঁ অসম, জম্মু আৰু কাশ্মীৰ, গুজৰাট, নাগালেণ্ড, মণিপুৰ,
ত্ৰিপুৰা আৰু মেঘালয়ৰ ৰাজ্যপাল আছিল।
ন্যায়াধীশ পি. কে. গোস্বামী (1970 চনৰ ৪
ডিচেম্বৰৰ পৰা 1971 চনৰ 4 জানুৱাৰীলৈ কাৰ্যকৰী ৰাজ্যপাল)
- ন্যায়াধীশ পি. কে. গোস্বামীয়ে এমাহতকৈও কম সময়ৰ বাবে অসমৰ ৰাজ্যপাল হিচাপে কার্যনির্বাহ কৰিছিল। সেই সময়ত তেওঁ অসমৰ মুখ্য ন্যায়াধীশ আছিল।
লল্লন প্রসাদ সিং (1973 চনৰ 19 ছেপ্টেম্বৰৰ পৰা
10 আগষ্ট 1981 লৈ)
- 1973 চনৰ 19 ছেপ্টেম্বৰৰ পৰা 1981 চনৰ 10 আগষ্টলৈকে লল্লন প্রসাদ সিং অসমৰ বাজ্যপাল আছিল।
- তেওঁ মণিপুৰ, নাগালেণ্ড আৰু
ত্রিপুবাৰো বাজ্যপাল আছিল।
- অসামৰিক সেৱাব জৰিয়তে তেওঁ বৃত্তিগত জীবন আৰম্ভ কৰিছিল আৰু নেপালত তেওঁ ভাৰতৰ ৰাষ্ট্রদূতো আছিল। তেওঁ 1999 চনত মৰণোত্তৰভাৱে পদ্ম বিভূষণ লাভ কৰা।
প্রকাশ চন্দ্ৰ মেহৰোট্টা (1981 চনৰ 10 আগষ্টৰ পৰা
1984 চনৰ পৰা 2৪ মার্চলৈ)
- 1981 চনৰ 10 আগষ্টৰ পৰা 1984 চনৰ 28 মার্চলৈ তেওঁ অসমৰ ৰাজ্যপাল আছিল।
- 1984 চনৰ জুলাইৰ পৰা ডিচেম্বৰ লৈকে মেহবোট্টা গ্রেট ব্রিটেইনৰ বাবে ভাৰতৰ উচ্চাযুক্ত আছিল।
- তেওঁ মেঘালয়ৰ বাজ্যপালো আছিল।
ন্যায়াধীশ ত্রিবেণী সাহায় মিশ্র (1984 চনৰ ২৪
মাৰ্চৰ পৰা 1984 চনৰ 15 এপ্রিললৈ)
- ন্যায়াধীশ ত্রিবেণী সাহায় মিশ্র 1984 চনৰ 28 মাৰ্চৰ পৰা 1984 চনৰ 15 এপ্ৰিললৈ অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ মেঘালয়ৰ ৰাজ্যপালো আছিল।
- তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।
ভীষ্ম নাৰায়ণ সিং (1984 চনৰ 15 এপ্ৰিলৰ পৰা 1989
চনৰ 10 মে'লৈ)
- ভীষ্ম নাৰায়ণ সিং 1984 চনৰ 15 এপ্ৰিলৰ পৰা 1989 চনৰ 10 মে'লৈ অসমৰ ৰাজ্যপাল আছিল।
- পিছলৈ তেওঁ তামিলনাডুৰ ৰাজ্যপাল হৈছিল। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বত সিং কেন্দ্ৰৰ কেবিনেট মন্ত্রী আছিল।
হবিদেও যোশী (1989 চনৰ 10 মে'ৰ পৰা 1989 চনৰ 21 জুলাইলৈ)
- হৰিদেও যোশী মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত চমু সময়ৰ বাবে অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ তিনিবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্রীও আছিল।
ন্যায়াধীশ এনিছেট্টি বন্ধুবীৰ (1989 চনৰ 27
জুলাইৰ পৰা 1990 চনৰ 1 মে'লৈ)
- ন্যায়াধীশ এনিছেট্টি বন্ধুবীৰ 1989 চনৰ জুলাইৰ পৰা 1990 চনৰ
মে' মাহলৈ অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।
দেৱী দাস ঠাকুৰ (1990 চনৰ 2 মে'ৰ পৰা 1991 চনৰ 17 মার্চলৈ)
- তেওঁ 1990 চনৰ 2 মে'ৰ পৰা 1991 চনৰ 17
মাৰ্চলৈ অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ জম্মু আৰু কাশ্মীৰৰ উপ মুখ্যমন্ত্রীও আছিল।
লোকনাথ মিশ্র (1991) চনৰ 17 মাৰ্চৰ পৰা 1997 চনৰ
1 ছেপ্টেম্বৰলৈ)
- লোকনাথ মিশ্র 1991 চনৰ মাৰ্চ মাহৰ পৰা 1997 চনৰ 1 ছেপ্টেম্বৰলৈ অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ ৰাজ্যসভাব সদস্যও আছিল। তেওঁ নাগালেণ্ড ৰাজ্যৰ বাবে ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও গ্রহণ কৰিছিল।
- তেওঁৰ ভাতৃ বংগনাথ মিশ্ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ পুত্ৰ পিনাকী মিশ্ৰ পুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ সাংসদ হৈছে।
শ্রীনিবাস কুমাৰ সিন্হা (1997 চনৰ 1 ছেপ্টেম্বৰৰ
পৰা 2003 চনৰ 21 এপ্রিললৈ)
- এছ. কে. সিন্হাই অসমৰ ৰাজ্যপাল হিচাপে যথেষ্ট গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
- তেওঁৰ কাৰ্যকালত সশস্ত্র সংগ্রাম সম্পকীয় সমস্যাৰে অসম ভাৰাক্ৰান্ত হৈ আছিল।
- সিন্হাই দমকল স্থাপনৰ এখন আঁচনিৰ আৰম্ভণি কৰিছিল, যাৰ বাবে তেওঁৰ কাৰ্যকালত অসম এখন চাউল ৰাহি কৰিব পৰা ৰাজ্য হৈ উঠিছিল।
- সিন্হাই গৱৰ্ণৰ্ছ ম্যুজিংছ, এ ছ'লজাৰ ৰিকল, ৰাজ টু স্বৰাজ ইত্যাদি গ্রন্থ প্রকাশ কৰিছিল।
- এছ. কে. সিন্হাৰ কাৰ্যকালৰ পাছত অজয় সিং অসমৰ পৰৱৰ্তী ৰাজ্যপাল হোৱাৰ আগতে অৰবিন্দ দাৱে কিছু দিনৰ বাবে অসমৰ ৰাজ্যপাল হৈছিল।
অজয় সিং (2003 চনৰ 5 জুনৰ পৰা 2008 চনৰ 4
জুলাইলৈ)
- লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) অজয় সিং 2003 চনৰ 5 জুনৰ পৰা 2008 চনৰ 4 জুলাইলৈ অসমৰ ৰাজ্যপাল আছিল। তেওঁ উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত আছিল।
শিৱ চৰণ মাথুৰ (2008 চনৰ 4 জুলাইৰ পৰা 2009 চনৰ
25 জুনলৈ)
- শিৱ চৰণ মাথুৰ 2008 চনৰ 4 জুলাইৰ পৰা 2009 চনৰ 25 জুনলৈ অসমৰ ৰাজ্যপাল আছিল।
ছৈয়দ ছিবটে বাযি (2009 চনৰ 27 জুলাইৰ পৰা 2009
চনৰ 27 নৱেম্বৰলৈ)
- তেওঁ 2009 চনৰ 27 জুলাইৰ পৰা 2009 চনৰ 27 নৱেম্বৰলৈ অসমৰ ৰাজ্যপাল আছিল। তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও কার্যনির্বাহ কৰিছিল। তেওঁ ভাৰতৰ উপ প্রধানমন্ত্রী হিচাপেও কার্যনির্বাহ কৰিছিল।
জানকী বল্লভ পাটনায়ক (11) ডিচেম্বৰৰ পৰা 2014 চনৰ
10 ডিচেম্বৰলৈ)
- জানকী বল্লভ পাটনায়ক 11 ডিচেম্বৰৰ পৰা 2014 চনৰ 10 ডিচেম্বৰলৈ অসমৰ ৰাজ্যপাল আছিল।
- অসমৰ বাজ্যপাল হিচাপে কার্যকাল সম্পূর্ণ কৰা অসমৰ বাজ্যপালসকলৰ মাজৰ তেরো এজন আছিল।
- তেওঁ সংস্কৃতত স্নাতক আৰু ৰাজনীতি বিজ্ঞানত এম.এ. সম্পূর্ণ কৰিছিল।
- তেওঁ কেন্দ্রীয় পর্যটন, অসামৰিক বিমান
পৰিবহণ আৰু শ্রম মন্ত্রালয়ৰ ভাবপ্রাপ্ত বিষয়া আছিল।
- পাটনায়কে মহাভাৰত, ৰামায়ণ আৰু ভাগৱত
গীতাক মূল সংস্কৃত ভাষাৰ পৰা ওড়িয়া ভাষালৈ অনুবাদ কৰিছিল।
পদ্মনাভন বালকৃষ্ণ আচার্য্য (2014 চনৰ 12
ডিচেম্বৰৰ পৰা 2016 চনৰ 21 ডিচেম্বৰলৈ)
- পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য 2014 চনৰ 12 ডিচেম্বৰৰ পৰা 2016
চনৰ 21 ডিচেম্বৰলৈ অসমৰ ৰাজ্যপাল আছিল। তেওঁ মণিপুৰ, অৰুণাচল
প্রদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ৰাজ্যপালো আছিল।
বানৱাৰীলাল পুৰোহিত (22 আগষ্ট 2016 চনৰ পৰা 2017
চনৰ 09 অক্টোবৰলৈ)
- বানৱাৰীলাল পুৰোহিত 2016 চনৰ 22 আগষ্টৰ পৰা 2017 চনৰ 09 অক্টোবৰলৈ অসমৰ ৰাজ্যপাল আছিল।
- তেওঁ নাগপুৰৰ পৰা তিনিবাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল য'ত আই.এন.চি.-ব পৰা দুবাৰ আৰু এবাৰ বিজেপিৰ সাংসদ আছিল। তেওঁ বর্তমান পঞ্জাবৰ ৰাজ্যপাল।
- তেওঁ ভাৰতীয় বিদ্যা ভৱন বিদ্যালয়সমূহৰ অধ্যক্ষ।
জগদীশ মুখী (2017 চনৰ 10 অক্টোবৰৰ পৰা 2024 চনৰ 29 জুলাইলৈ)
- দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ ভগত মহাবিদ্যালয়ত এজন অধ্যাপক আছিল।
- তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেন্ট গৱৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
- বিত্ত বিষয়ত তেওঁৰ পি.এইচডি. ডিগ্রীও আছিল।
শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য (2024 চনৰ 30 জুলাই পৰা বর্তমানলৈ)
- বৰ্তমানৰ অসমৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য 2024 চনৰ 30 জুলাইত কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
- লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ ৩২ সংখ্যক ৰাজ্যপাল।
- মুখ্য ন্যায়াধীশ গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ বিজয় বিষ্ণোই ডাঙৰীয়াই নতুন ৰাজ্যপালক পদৰ শপত গ্ৰহণ কৰে।
- শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য উত্তৰ প্ৰদেশৰ বাৰাণসীৰ।
স্বাধীনতাৰ
পাছৰ অসমৰ মুখ্যমন্ত্রীসকল (Chief Ministers of Assam After
Independence)
অসমৰ বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ
15 জন মুখ্যমন্ত্রী আছে। তালিকাখন চাওঁ আহক:
1. গোপীনাথ বৰদলৈ (1946 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 1950
চনৰ 6 আগস্টলৈ)
2. বিষ্ণুৰাম মেধি (1950 চনৰ ৭ আগষ্টৰ পৰা 1957 চনৰ
27 ডিচেম্বৰলৈ)
3. বিমলা প্রসাদ চলিহা (1957 চনৰ 28 ডিচেম্বৰৰ পৰা
1970 চনৰ 6 নৱেম্বৰলৈ)
4. মহেন্দ্র মোহন চৌধুৰী (1970 চনৰ 11 নৱেম্বৰৰ পৰা
1972 চনৰ 30 জানুৱাৰীলৈ)
5. শৰৎ চন্দ্ৰ সিংহ (1972 চনৰ 31 জানুৱাৰীৰ পৰা 1978
চনব 12 মার্চলৈ)
6. গোলাপ বৰবৰা (1978 চনৰ 12 মাৰ্চৰ পৰা 1979 চনৰ 4
ছেপ্টেম্বৰলৈ)
7. যোগেন্দ্র নাথ হাজৰিকা (1979 চনৰ 9 ছেপ্টেম্বৰৰ
পৰা 1979 চনৰ 11 ডিচেম্ববলৈ)
৪. চৈয়দা আনোৱাৰা টাইমুৰ (ৰাষ্ট্ৰপতিৰ প্ৰথমটো শাসনৰ
পিছত, 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈ)
9. কেশৱ চন্দ্র গগৈ (ৰাষ্ট্ৰপতিৰ দ্বিতীয়টো শাসনৰ
পিছত, 1982 চনৰ 13 জানুৱাৰীৰ পৰা 1982 চনৰ 19 মাৰ্চলৈ)
10. হিতেশ্বৰ শইকীয়া (ৰাষ্ট্রপতিৰ তৃতীয়টো শাসনৰ
পিছত, 1983 চনৰ 27 ফেব্ৰুৱাৰীৰ পৰা 1985 চনৰ 23 ডিচেম্বৰলৈ)
হিতেশ্বৰ শইকীয়া, দ্বিতীয়টো কার্যকাল (ৰাষ্ট্ৰপতিৰ চতুৰ্থটো
কার্যকালৰ পাছত, 1991 চনৰ 30 জুনৰ পৰা 1996 চনৰ 22 এপ্রিললৈ)
11. প্রফুল্ল কুমাৰ মহন্ত (1985 চনৰ 24 ডিচেম্বৰৰ
পৰা 1990 চনৰ 28 নৱেম্বৰলৈ) প্রফুল্ল কুমাৰ মহন্ত, দ্বিতীয়টো
কার্যকাল (1996 চনৰ 15 মে'ৰ পৰা 2001 চনৰ 17 মে'লৈ)
12. ভূমিধৰ বৰ্মন (1996 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ
14 মে')
13. তৰুণ গগৈ (তিনিটা কার্যকাল, আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কার্যনিবাহ কৰা অসমৰ মুখ্যমন্ত্রী, 2001 চনৰ 18 মে'ৰ পৰা 2016 চনৰ 24 মে'লৈ)
14. সর্বানন্দ সোণোৱাল (2016 চনৰ 24 মে'ৰ পৰা 2021 চনৰ 10 মে'লৈ)
15. হিমন্ত বিশ্ব শর্মা (2021 চনৰ 10 মে'ৰ পৰা বর্তমানলৈ)
অসম প্ৰদেশৰ
বিধানসভাৰ অধ্যক্ষসমূহ (1937-2023) Speakers in Assam Province (1937-2023)
বর্তমান বিশ্বজিৎ দৈমাৰী অসম বিধান সভাৰ অধ্যক্ষ আৰু 1937
চনত অসম বিধানসভাত বাবু বসন্ত কুমাৰ দাস প্রথমবাৰৰ বাবে এই পদত অধিষ্ঠিত হৈছিল।
অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকাখন চাওঁ আহক:
- বাবু বসন্ত কুমাৰ দাস (7 এপ্রিল 1937 ৰ পৰা 11 মার্চ 1946 লৈ)
- দেৱেশ্বৰ শৰ্মা (12 মার্চ 1946 ৰ পৰা 10 অক্টোবৰ 1947 লৈ)
- লক্ষেশ্বৰ বৰুৱা (5 নৱেম্বৰ 1947 ৰ পৰা ও মার্চ 1952 লৈ)
- কুলধৰ চলিহা (5) মার্চ 1952 ৰ পৰা 7 জুন 1957 লৈ)
- দেৱকান্ত বৰুৱা (৪ জুন 1957 ৰ পৰা 15 ছেপ্টেম্বৰ 1959 লৈ)
- মহেন্দ্ৰ মোহন চৌধুৰী (9 ডিচেম্বৰ 1959 ৰ পৰা 19 মার্চ 1967 লৈ)
- হৰেশ্বৰ গোস্বামী (20 মার্চ 1967 ৰ পৰা 10 মে' 1968 লৈ)
- মহী কান্ত দাস (27 আগষ্ট 1968 ৰ পৰা 21 মে' 1972 লৈ)
- ৰমেশ চন্দ্ৰ বৰা (22 মার্চ 1972 ৰ পৰা 20 মার্চ 1978 লৈ)
- যোগেন্দ্ৰ নাথ হাজৰিকা (21 মার্চ 1978 ৰ পৰা 4 ছেপ্টেম্বৰ 1979 লৈ)
- শ্বেইখ চান্দ মহম্মদ (7 নৱেম্বৰ 1979 ৰ পৰা 7 জানুৱাৰী 1986 লৈ)
- পুলকেশ বৰুৱা (9 জানুৱাৰী 1986 ৰ পৰা 27 জুলাই 1991 লৈ)
- জীৱ কান্ত গগৈ (29 জুলাই 1991 ৰ পৰা 9 ডিচেম্বৰ 1992 লৈ)
- দেৱেশ চন্দ্ৰ চক্রবর্তী (21 ডিচেম্বৰ 1992 ৰ পৰা 11 জুন 1996)
- গণেশ কুটুম (12 জুন 1996 ৰ পৰা 24 মে' 2001 লৈ)
- পৃথিৱী মাঝি (30 মে' 2001 ৰ পৰা 19 মে'
2006 লৈ)
- টংক বাহাদুৰ ৰায় (29 মে' 2006 ৰ পৰা 19 মে'
2011 লৈ)
- প্ৰণৱ কুমাৰ গগৈ (6 জুন 2011 ৰ পৰা 19 মে' 2016 লৈ)
- ৰঞ্জিত কুমাৰ দাস (1 জুন 2016 ৰ পৰা 30 জানুৱাৰী 2017 লৈ)
- হিতেন্দ্রনাথ গোস্বামী (30 জানুৱাৰী 2017 ৰ পৰা 20 মে' 2021 লৈ)
- বিশ্বজিৎ দৈমাৰী (21 মে' 2021 ৰ পৰা
বৰ্তমানলৈ)
إرسال تعليق