অসমৰ ঐতিহাসিক
সন্ধি-চুক্তি
Historic Treaties of Assam
1563 - 2007
Historic Treaties of Assam |
মাজুলী সন্ধি
১৫৬৩ চনত আহোম স্বৰ্গদেউ চুখাম্ফা বা খোৰা ৰজা আৰু কোঁচ
সেনাপতি চিলাৰায়ৰ মাজত হোৱা এক সন্ধি। মহাৰাজ নৰনাৰায়ণৰ ভ্রাতৃ আৰু কোঁচ সেনাপতি
চিলাবায়ে ১৫৬৩ চনৰ জানুৱাৰী মাহত আহোম ৰাজ্যত চলোৱা আক্রমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ
পতন হয়। স্বৰ্গদেউব ভায়েককে ধৰি আহোম বিষয়ববীয়াসকলৰ চক্রান্তত গড়গাঁৱৰ পতন হোৱাত
স্বৰ্গদেবে পলায়ন কৰে। তিনিমাহৰ পাছত আহোম ৰজাই তেওঁৰ মন্ত্রী আইখেক বুঢ়াগোহাঁইৰ
জৰিয়তে শান্তি স্থাপনৰ বাবে চিলাৰায়ক আমন্ত্রণ জনায়। শান্তি আলোচনাৰ সময়ত চিলাবায়ে
মাজুলীত বাহৰ পাতি আছিল। শেষত দুয়োপক্ষই মানি লোৱা চর্তসমূহ আছিল:
- আহোম ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব।
- ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে
সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোঁচসকলক গতাই দিয়া হ'ব।
- আহোম বিষয়াব পাঁচজন পুত্রক
বন্দী হিচাপে গতাই দিয়া হ'ব।
- খামৰিং নামৰ হাতী আৰু
পাকচিৰাই নামৰ ঘোঁৰাটো দিয়া হ'ব।
- আহোমসকলে যুদ্ধৰ ক্ষতিপূৰণ
হিচাপে দিব লাগিবঃ যাঠিটা হাতী, ষাঠীযোৰ কাপোৰ, ষাঠীজনী বান্দী, তিনিশজন মানুহ আৰু সোণ- ৰূপৰ সৈতে
এটা ৰঙা ৰাজকীয় ছত্র।
ইয়াৰ লগতে চিলাৰায়ে তিনিজন কোঁচ বিষয়াক ৰাজখোৱা হিচাপে
প্রতিষ্ঠা কৰে। নতুনকৈ আহৰণ কৰা অঞ্চলটোৰ চোৱা-চিতাৰ বাবে নাৰায়ণপুৰত এটা কোঠো
প্রতিষ্ঠা কৰা হয়।
ঘিলাঝাৰী ঘাটৰ সন্ধি
আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত ১৬৬২ চনত মোগল সম্রাট ঔৰংগজেৱৰ নির্দেশমর্মে বংগৰ চুবেদাৰ মিৰজুমলাই অসম আক্রমণ কৰে। জল-স্থল উভয় পথেদি অগ্ৰসৰ হৈ আহোম সেনাক পৰাভূত কৰি ১৬৬২ চনৰ ১৭ মার্চত মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি লয়। স্বৰ্গদেউ জয়ধ্বজ সিংহ পোনতে চৰাইদেউলৈ আৰু পাছত টিপাম হৈ নামৰূপলৈ পলাই যায়। কিন্তু বাৰিষা অহাত আহোম সেনাই দিনে-বাতিয়ে আক্রমণ চলাই মোগল বাহিনীক ব্যতিব্যস্ত কৰি তোলে। ইফালে জ্বৰ, গ্ৰহণী আৰু খাদ্যৰ অভাৱতো বহু মোগল সৈন্যৰ মৃত্যু হয়। মোগলৰ এই বিলৈ-বিপত্তিৰ মাজতে শিৱসাগৰৰ টিপামৰ ওচৰৰ ঘিলাঝাৰী ঘাটত ১৬৬৩ চনৰ ৯ জানুৱাৰীত আহোম আৰু মোগলৰ মাজত এক সন্ধি হয়। অসম বুৰঞ্জীত ইয়ে 'ঘিলাঝাৰী ঘাটৰ সন্ধি' নামে জনাজাত।
এই সন্ধিব চর্তসমূহ আছিল:
- আহোম ৰজাৰ এগৰাকী জীয়েকক দিল্লীৰ সম্রাটলৈ পঠিয়াব লাগিব;
- ২০ হাজাৰ তোলা সোণ, ৩০ হাজাৰ তোলা ৰূপ আৰু ৯০টা হাতী দিব লাগিব; তদুপৰি
- ব্ৰহ্মাপুত্ৰৰ উত্তৰে ভৰলী নৈব আক দক্ষিণে কলঙৰ পশ্চিমৰ ভূখণ্ড মোগলৰ অধীনত বুলি মানিব লাগিব।
দেখাত এই সন্ধিব চর্তসমূহ আহোম ৰজাৰ বাবে অপমানজনক আছিল যদিও আহোম ৰজাই নিজৰ জীয়াৰী ৰমণী গাভৰুক মোগলৰ অন্দৰ মহললৈ পঠিওৱা আৰু মিৰজুমলাইদাবী কৰা ধন-সোণৰ কিছু অংশ পৰিশোধ কৰাৰ বাহিৰে আন চৰ্তবোৰ চর্ত হৈয়ে ৰ'ল। স্বৰ্গদেউ জয়ধ্বজ সিংহই তেওঁব জীয়াৰী ৰমণী গাভৰুক (প্রকৃত নাম নাংচেন গাভৰু) ঔৰংগজেৱৰ তৃতীয় পুত্র বংগৰ শাসনকর্তা মহম্মদ আজম ওৰফে আজম- তৰালৈ বিয়া দিয়ে। বিয়াৰ পাছত ৰমণী গাভবৰ নাম হয় ৰহমৎ বাণু বেগম।
ঘিলাঝাৰী ঘাটৰ সন্ধিমতে মিৰজুমলাই ভাটিৰ পৰা গড়গাঁৱ- লৈকে আহোমৰ
অধিকাৰৰ যিখিনি অংশ দখল কৰিছিল, তাক এৰি দিয়ে। ৰমণী গাভৰৰ
লগতে টিপাম ৰজাৰ জীয়েককো দিল্লীলৈ পঠিওৱা হৈছিল। ঘিলাঝাৰী ঘাটৰ এই সন্ধিৰ বিষয়ে
হিতেশ্বৰ বৰবৰুৱাৰ 'আহোমৰ দিন'ত উল্লেখ
আছে এনেদৰে, 'মুছলমানবিলাকৰ মতে হ'লে
আমাৰ ৰজাই পাছৰবাৰ যুদ্ধতো হাৰিহে সন্ধি কৰিবলৈ সন্মত হ'ল
বুলি কয়, কিন্তু ই মিছা। প্রকৃতপক্ষে মুছলমানবিলাকে এই
যুদ্ধত শেষ ৰক্ষা কৰিব নোৱাৰি হাৰিহে দেশ এৰি দি, আমাৰ ৰজাৰ
লগত মিত্ৰতা কৰি যায়, আৰু সেই মিত্ৰতা ৰাখিবৰ মনেৰে আমাৰ
ৰজাই বাদছাহলৈ ৰমণী গাভৰুক দিয়ে।'
ইয়াণ্ডাবু সন্ধি
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্রহ্মদেশৰ (ম্যান- মাৰ)
ইয়াণ্ডাবুত ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই ঐতিহাসিক
চুক্তিৰ চৰ্ত অনুসৰিয়েই অসম ইংৰাজৰ অধীন হয়। এইচুক্তিত স্বাক্ষৰ কৰে ইংৰাজ ইষ্ট
ইণ্ডিয়া কোম্পানীৰ বিষয়ববীয়া আৰু মান বজাৰ হৈ মান সেনাধ্যক্ষই। অসম, কাছাৰ, জয়ন্তীয়া আৰু মণিপুৰৰ কোনেও ইয়াত ভাগ ল'বলৈ নাপালে।
সেইসময়ত ব্রহ্মদেশৰ ৰাজধানী আছিল আভা। চুক্তিখনত সেয়ে ব্রহ্মদেশৰ ৰজাক বুজাবলৈ 'আভাৰ ৰজা' শব্দটো ব্যৱহাৰ কৰা হৈছিল। ইয়াণ্ডাবু সন্ধিত মুঠতে ১১টা দফা আছিল।
ইয়াৰে দ্বিতীয় দফাটোহে অসমৰ লগত প্রত্যক্ষভাৱে জড়িত। দ্বিতীয় দফাটো আছিল এনেঃ
- আভাৰ ৰজাইঅসম আৰু ইয়াৰ তলতীয়া ৰাজ্যৰ ওপৰত থকা সকলো স্বত্ব আৰু অধিকাৰ ত্যাগ কৰিব আৰু ভবিষ্যতেও কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰিব।
- কাছাৰ আৰু জয়ন্তীয়া বাজ্যৰ ক্ষেত্ৰতো সেই একেই নীতি প্রযোজ্য হ'ব।
- আনহাতে মণিপুৰৰ ৰজা গম্ভীৰ সিঙে নিজ বাজালৈ উভতি যাবলৈ ইচ্ছা কৰিলে আভাৰ ৰজাই তেওঁক বজা হিচাপে স্বীকৃতি দিব লাগিব।
এৰাবোটলা
■ ব্রহ্মদেশৰ পশ্চিম অঞ্চলটোব নাম আছিল মাণ্ডালয়। ইয়াৰ প্রাচীন নাম আছিল ৰত্নপুৰ। ব্রহ্মদেশত ইংৰাজী R-ৰ উচ্চাৰণ Y-ৰ দৰে। সেয়ে আগৰ বেংগুন (Ran- goon) চহৰৰ নতুন নাম ইয়াংগোন (Yan- gon)। সেইদৰে ৰত্নপুৰৰ নামৰ আগৰ 'R' 'Y'-লৈ পৰিৱৰ্তন হৈ পাছত ৰত্নপুৰ নামৰ অপভ্রংশ হৈ হয়গৈ ইয়াণ্ডাবু বা য়াণ্ডাবু।
ইয়াৰ উপৰি ইয়াণ্ডাবু সন্ধিত থকা কেইটা- মান দফা হ'ল:
- ভবিষ্যতে সৃষ্টি হ'ব পৰা সীমা বিবাদ নিষ্পত্তি
কৰাৰ বাবে ইষ্ট ইন্ডিয়া কোম্পানীয়ে আৰাকান, ৰামৰী, চেদুৱা আৰু চান্দুৱে ৰাজ্য নিজৰ হাতত ৰাখিব। আভাৰ বজাই ইয়াব স্বত্ব ত্যাগ
কৰিব লাগিব। আৰকান পর্বত- মালাই সেই ফালৰ দুয়োখন দেশৰ মাজৰ সীমা হ'ব। এইক্ষেত্রত সৃষ্টি হোৱা বিবাদ সংশ্লিষ্ট পক্ষই নিষ্পত্তি কৰিব।
- ইংৰাজে দখল কৰাৰ টেভয়, য়েহ, মাৰাণ্ডাহ আৰু টেনাছেৰিম তথা তাৰ সৈতে সংলগ্ন দ্বীপসমূহ আভাৰ ৰজাই ইংৰাজক
এৰি দিব। এই অঞ্চলত ছালৱান নদী সীমা হ'ব।
- ৰাজ্যসমূহৰ মাজত শান্তি-সম্প্রীতি বজাই বখাত ব্রহ্মদেশৰ
চৰকাৰে অংশ ল'ব। যুদ্ধৰ ক্ষতিপূৰণৰূপে আভাৰ ৰজাই কোম্পানী
চৰকাৰক এক কোটি টকা দিব লাগিব।
- সৈন্যসকলক ব্রহ্মদেশ বা কোম্পানীৰ চৰকাৰে অপকাৰ কৰিব নোৱাৰিব।
- দুয়োখন দেশৰ মাজত সম্প্ৰীতিৰ বান্ধোন মজবুত কৰিবলৈ দুয়ো দেশে এজন মন্ত্ৰী ৰাখিব আৰু পৰস্পৰে এক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিব।
- সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা ঋণৰ ক্ষেত্ৰত দুয়োপক্ষই বুজা-বুজিবে আগবাঢ়িব আৰু লাভালাভ আদায়ৰ পৰা বিৰত থাকিব। যুদ্ধত নিহত লোকৰ পৰিচয় নাপালে দেশৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমর্পণ কৰিব।
- ব্ৰহ্মদেশৰ বন্দৰলৈ অহা ইংৰাজ জাহাজৰ ওপৰত আভাৰ ৰজাই আৰু ইংৰাজ বন্দবলৈ যোৱা ব্রহ্মদেশৰ জাহাজৰ ক্ষেত্ৰতো দুয়োখন দেশে কৰ সংগ্ৰহ কৰিব নোৱাৰিব।
- ব্ৰহ্মদেশ আৰু ইংৰাজ কৰ্তৃপক্ষই এই চুক্তি মানি চলিব।
অসম চুক্তি
অসমলৈ অবৈধভাবে অহা বিদেশী নাগৰিক বহিষ্কৰণৰ দাবীত ১৯৭৯ চনৰ পৰা
সুদীর্ঘ ছবছৰ ধৰি অসমত সংঘটিত ব্যাপক গণ আন্দোলনৰ দালনৰ ফলত ১৯৮৫ চনৰ ১৫ আগষ্টত
আন্দোলনৰ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত ঐতিহাসিক মীমাংসা-পত্র।
সর্বমুঠ পোন্ধৰটা দফাত বিভক্ত আৰু বিন্যস্ত 'অসম চুক্তি' অসমৰ ৰাজনৈতিক আৰুআর্থ-সামাজিক ইতিহাসৰ
এক অতি উল্লেখযোগ্য ঘটনা, তাৎ- পর্যপূর্ণ সংঘটনৰূপে ইতিমধ্যে
বিবেচিত হৈছে। চুক্তিখনত অসমৰ পৰা বিদেশী বহিষ্কৰণ, অসমীয়া
ৰাইজৰ সাংস্কৃতিক, ভাষিক আৰু সামাজিক সুৰক্ষা, বাজ্যখনৰ অর্থনৈতিক উন্নয়ন, থলুৱা কৃষ্টি আৰু সাংস্কৃতিক
সম্পদৰ সংৰক্ষণ তথা বিকাশ আদি কেইবাটাও গুরুত্বপূর্ণ দিশ সন্নিৱিষ্ট কৰা হৈছে।
চুক্তিখনৰ কেইবাটাও দফা ইতিমধ্যে কাৰ্যকৰী (সম্পূর্ণ বা আংশিকৰূপে) হৈছে যদিও,
মূল দফা, বিদেশী বহিষ্কৰণৰ প্রসংগত কোনো
লক্ষণীয় অগ্রগতি হোৱা নাই।
বড়ো চুক্তি
বড়ো লিবাৰেছন টাইগাছ (Bodo Liberation Tigers, সংক্ষেপে BLT) নামৰ বড়ো উগ্রপন্থী সংগঠনৰ সৈতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰা চুক্তিখনেই বড়ো চুক্তি নামেৰে জনাজাত। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ জৰিয়তে সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত বড়োসকলে আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰে। এই চুক্তিত অন্তর্ভুক্ত হোৱা বড়োলেও টেৰিটৰিয়েল কাউন্সিল (Bodo- land Territorial Council, সংক্ষেপে BTC) গঠনৰ প্ৰস্তাৱৰ ভিত্তিতে জাৰি কৰা অধ্যাদেশ অনুসৰি ২০০৩ চনৰ ৭ ডিচেম্বৰত গঠন হয় বড়োলেও টেৰিটৰিয়েল এৰিয়া ডিস্ট্রিক্ট (Bodoland Territorial Area District, সংক্ষেপে BTAD) । বি এল টিৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে সংগঠনটোৰ অধ্যক্ষ হাগ্রামা মহিলাৰীয়ে। মহিলাৰীৰ নেতৃত্বতে গঠন হয় বি টিএ ডিৰ প্ৰথমখন অন্তৱৰ্তী পৰিষদ।
লেখাটো প্ৰস্তুত কৰিবলৈ অসম ইয়েৰ বুক (শান্তনু কৌশিক বৰুৱা-২০২৩) আৰু অসমৰ সাধাৰন জ্ঞানৰ পৰিচয় (শৈলেন বৈশ্য - ২০২৪) ৰ সহায় লোৱা হৈছে ।
ধন্যবাদ
Post a Comment