অসমৰ পৰিৱেশ
(ENVIRONMENT
OF ASSAM)
Part - 1
এই লেখাটোত আমি অসমৰ পৰিৱেশ (Environment of Assam)ক তলত উল্লেখ কৰা অধ্যায়ত সমূহত ভাগকৰি আগবহাইছো ।
- অসমৰ পৰিৱেশ বিজ্ঞান (Ecology of Assam)
- ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল (National Parks and Reserve Forests)
- অসমৰ উদ্ভিদকুল (Flora of Assam)
- অসমৰ প্রাণীজগত (Fauna of Assam)
- পৰিৱেশ “যোদ্ধা (ক্রুছেডাৰ)” (Environmental Crusaders)
- প্ৰশ্নোত্তৰ পৰ্যালোচনা (Quizzical Review)
ইয়াত অসমৰ পৰিৱেশ (Environment of Assam)ক মুঠ ৬ টা অধ্যায়ত ভাগকৰি সম্পূৰ্ন অসমীয়া ভাষাত আপোনালোকলৈ আগবহাইছো । লেখাটো প্ৰস্তুত কৰিবলৈ অসম ইয়েৰ বুক (শান্তনু কৌশিক বৰুৱা-২০২৩) আৰু অসমৰ সাধাৰন জ্ঞানৰ পৰিচয় (শৈলেন বৈশ্য - ২০২৪) ৰ সহায় লোৱা হৈছে ।
Ecology of Assam |
এই অধ্যায়ত আমি অসমৰ প্ৰাকৃতিক পৰিৱেশৰ অধ্যায়- ১ : অসমৰ পৰিৱেশ বিজ্ঞান (Ecology of Assam) ৰ বিষয়ে আলোচনা কৰিম । একেবাৰে শেষত আমি "অসমৰ পৰিৱেশ (Environment of Assam)"-ৰ পৰা আহিব পৰা সাম্ভাব্য প্ৰশ্নোত্তৰ আৰু PYQ's আলোচনা কৰিম ।
(toc)
পৰিৱেশ
বিজ্ঞান (Ecology)
- বিভিন্ন অনুজীব, উদ্ভিদ, প্রাণী আৰু মানুহকে ধৰি জীৱৰ
মাজত নিজৰ পৰিবেশৰ সৈতে পারস্পরিক সম্পর্ক'ৰ বৈজ্ঞানিক
অধ্যয়নকে "পৰিবেশ বিজ্ঞান" বোলা হয়। ইয়াৰ দ্বাৰা জীবই নিজা পৰিবেশত
কেনেদৰে গড় লয়, কেনেকৈ শক্তিৰ প্রবাহ আৰু খনিজ চক্রকে ধৰি
পৰিবেশৰ ভিন্ন সম্পদর ব্যবহাৰ কবে, সেই বিষয়ে আলোচনা কৰা হয়।
- "পৰিবেশ বিজ্ঞান (ইক'লজী।" শব্দটো 1869 চনত জার্মান জীরবিজ্ঞানী আনষ্ট হেকেলে
প্রথমে উদ্ভাবন আৰু ব্যৱহাৰ কৰিছিল। এই ইক'লমী শব্দটো গ্রীক
"oikos" অর্থাৎ বসতি আৰু "logos"
অর্থাৎ অধ্যয়ন-শব্দ দুটাৰ পৰা উদ্ভব হৈছে। সহজ ভাষাত ক'বলৈ গলে পৰিবেশ বিজ্ঞান হৈছে প্রকৃতিগত বাসস্থানব অধ্যয়ন।
- অতি সহজ ভাষাত ক'বলৈ গলে, পৰিৱেশ বিজ্ঞানে এফালে জীৱ আৰু
ইয়াৰ ভৌতিক পৰিৱেশ আৰু আনফালে জীরব মাজত আন্তঃনির্ভৰশীল, পাৰস্পৰিকভাবে
প্রতিক্রিয়াশীল আৰু আন্তঃসংযোগী সম্পর্কৰ অধ্যয়ন কৰে।
- পবিবেশ বিজ্ঞান বিষয়টো 19 শতিকাৰ
শেষৰ ফালে বিকশিত হবলৈ আৰম্ভ হৈছিল। ইয়াৰ কাৰণ হ'ল বিজ্ঞানী সম্প্রদায় 1859 চনত চার্লছ ডারউইনে উপস্থাপন কৰা জীৱৰ
ক্রমবিকাশৰ ধাৰণাটোৰ পৰীক্ষা নিৰীক্ষাত কৰাত সক্রিয়ভাবে জড়িত হৈ পৰিছিল।
- নিত্য বৃদ্ধি পোৱা জনসংখ্যাৰ পৰিপ্রেক্ষিতত অর্থনৈতিক উন্নয়ন বজাই ৰখা আৰু বৃদ্ধি কৰাৰ বাবে প্রাকৃতিক সম্পদ সমূহত ক্রমাৎ হেঁচা বৃদ্ধি পাইছে আৰু সেয়ে অবধাৰিতভাবে মানৱ-পবিৱেশৰ সম্পর্কৰ প্রতি আগ্রহ বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰিবেশ বিজ্ঞানৰ পৰিসব আৰু ইয়াৰ লক্ষ্যসমূহ বিপুলভাবে সম্প্রসাৰিত হৈছে।
পৰিৱেশ
বিজ্ঞানৰ ভাগসমূহ (Subdivisions of Ecology)
পদ্ধতিগত বিকাশৰ বিভিন্ন পৰ্যায়ত পৰিৱেশ বিজ্ঞান বিষয়টোৰ ক্ষেত্ৰ আৰু পৰিসৰৰ সালসলনি ঘটিছে আৰু সেয়েহে পৰিৱেশ বিজ্ঞানৰ প্ৰধান ভাগসমূহ বিভিন্ন পদ্ধতি অনুসৰি নিৰ্ধাৰণ কৰাউচিত। এই শ্রেণী বিভাজনৰ পদ্ধতিসমূহৰ
ভিতৰত বর্গীয় আত্মীয়তা, বাসস্থান, সংগঠিতকৰণৰ স্তৰ আৰু বিশ্বজনীন আৰু আঞ্চলিক পর্যায়ত আধুনিক
সামাজিক-অর্থনৈতিক পৰিস্থিতিৰ অন্তর্ভুক্ত হৈ আছে।
বর্গীয় আত্মীয়তাৰ ভিত্তিত কৰা উপবিভাগ (Subdivision Based on Taxonomic Affinities)
এই পদ্ধতিৰ ফলত পৰিৱেশ বিজ্ঞানক
- উদ্ভিদ পৰিবেশ আৰু
- প্রাণীৰ পৰিবেশ বিজ্ঞান
- হিচাপে বিভক্ত কৰা হৈছে। ব্যক্তিগত উপাদানসমূহৰ বিশেষ অধ্যয়নৰ ভিত্তিত
প্রতিটো বিভাগক পুনৰ ক্ষুদ্র ভাগত বিভক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, উদ্ভিদ পরিবেশ বিজ্ঞানক ওক গছৰ পৰিবেশ বিজ্ঞান, পাইন
পবিবেশ বিজ্ঞান আৰু অন্যান্য আৰু পশু পৰিবেশ বিজ্ঞানক কীট-পতংগ পৰিৱেশ বিজ্ঞান,
বেক্টেবিয়া পরিবেশ বিজ্ঞান, মাছৰ পৰিবেশ
বিজ্ঞান আৰু অন্যান্য।
বাসস্থানৰ ভিত্তিত কৰা উপবিভাগ (Subdivisions on the Basis of Habitat)
পৰিবেশ অধ্যয়নৰ এই পদ্ধতিৰ ফলস্বৰূপে
"বাসস্থান পৰিবেশ বিজ্ঞান"ৰ বিকাশ ঘটিছে। বাসস্থানৰ পৰিৱেশ বিজ্ঞানক
পুনৰ উপবিভক্ত কৰা হৈছে বাসস্থান আৰু এটা বিশেষ বাসস্থানত বাস কৰা জীৱৰ সৈতে ইয়াৰ
সম্পর্ক যেনে, বন পৰিৱেশ বিজ্ঞান, তৃণভূমিৰ পৰিবেশ বিজ্ঞান, বিশুদ্ধ পানীৰ পৰিবেশ
বিজ্ঞান, মোহনা পরিবেশ বিজ্ঞান, দ্বীপ
পৰিবেশ বিজ্ঞান, সাগৰীয় পৰিবেশ বিজ্ঞান, প্রবাল প্রাচীৰৰ পৰিবেশ বিজ্ঞান আৰু অন্যান্য।
সংগঠনৰ ভিত্তিত কৰা উপবিভাগ (Subdivision on the Basis of Organization)
পৰিবেশ অধ্যয়নৰ এই পদ্ধতি কোনো বিশেষ
পৰিৱেশ তন্ত্রব গাইগুটীয়া জীব নাইবা জীৱৰ গোটৰ বিষয়ে অধ্যয়ন কৰা। ইয়াৰ ফলত (১)
অটেক'লজী আৰু (২) ছিনেক'লজীৰ বিকাশ ঘটিছে।
অটেক'লজী হৈছে ব্যক্তিগত প্রজাতিৰ পৰিৱেশৰ সৈতে সম্পর্কব অবায়ন, আনহাতে চিনেক'লজী হৈছে জৈৱিক সম্প্রদায় নামেৰে গণ্য
কৰা জীৱৰ গোটৰ জটিল আন্তঃসম্পর্কৰ অধ্যয়ন। তদুপবি, ছিনেক'লভীক "জনসংখ্যা পৰিৱেশ বিজ্ঞান" (একক প্রজাতিৰ জনসংখ্যাৰ ইটোৱে
সিটোৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন), "সম্প্রদায়
পৰিবেশ বিজ্ঞান" (উদ্ভিদ আৰু প্রাণীৰ বিভিন্ন প্রজাতিৰ ব্যক্তিৰ গোটৰ
আন্তঃসম্পর্ক আৰু আন্তঃনিৰ্ভৰশীলতাৰ অধ্যয়ন), "বায়'ম পৰিৱেশ বিজ্ঞান" (সংশ্লিষ্ট অঞ্চলৰ একে ধৰণৰ জলবায়ুৰ পৰিস্থিতিত
একেধৰণৰ বিভিন্ন পর্যায়ত এটাতকৈ অধিক জৈবিক সম্প্ৰদায়ৰ পাৰস্পৰিক ক্রিয়া আৰু
আন্তঃসম্পৰ্কৰ অধ্যয়ন) আৰু "পৰিৱেশ তন্ত্রব পৰিৱেশ বিজ্ঞান" (সকলো জীৱৰ
নিজৰ মাজত আৰু পৰিবেশৰ সৈতে পাৰস্পৰিক ক্ৰিয়া আৰু আন্তঃসম্পৰ্কৰ অধ্যয়ন)।
অসমৰ পৰিৱেশ
বিজ্ঞান (Ecology of Assam)
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল খণ্ডত
অবস্থিত অসমে পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈও 24°3′ উত্তৰ আৰু 27°58' উত্তৰ অক্ষাংশ, আৰু 89°5′ পূব আৰু 96°1′ পূর দ্রাঘিমাংশৰ
ভিতৰত এক বিস্তৃত এলেকা সামৰি লৈছে। অসমত ভূ-প্রকৃতি, জলবায়ু,
জলবিজ্ঞান আৰু শিক্ষাবিজ্ঞানৰ পৰিস্থিতিৰ পৰাই পৰিৱেশ বৈচিত্র্যৰ
জন্ম হয়। বৈচিত্রময় পৰিৱেশৰ ভিন্নতাই বাসস্থানৰ বৈচিত্র্যৰ জন্ম দিছে। এই
বৈচিত্রময় পৰিৱেশৰ ভাগসমূহ হ'ল-
- যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ
দক্ষিণ অংশত মূলতঃ ক্রান্তীয় চিৰসেউজ অৰণ্য,
- হিমালয়ৰ পাদদেশৰ চিবাং জিলাৰ পৰা
ধেমাজি জিলাৰ জোনাইৰ ওচৰলৈকে আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ অংশ যোৰহাট, গোলাঘাট, কার্বি আংলং আৰু বৰাক সমভূমিক
আগুৰি থকা পাদদেশক আগুৰি থকা ক্রান্তীয় অর্ধচিৰসেউজ অবণ্য।
- আর্দ্র পর্ণপাতী অবণ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ-নামনিৰ বৃহৎ অঞ্চল আৰু কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰৰ কিছু অংশত আৰু
- নৈপৰীয়া গছ-গছনি অঞ্চল ব্রহ্মহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বেছিভাগ বৃহৎ নদীৰ পাৰত দেখা যায়।
Reade more about Assam Environment
- অসমৰ পৰিৱেশ (Environment of Assam)
- ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল (National Parks and Reserve Forests)
- অসমৰ উদ্ভিদকুল (Flora of Assam)
- অসমৰ প্রাণীজগত (Fauna of Assam)
- পৰিৱেশ “যোদ্ধা (ক্রুছেডাৰ)” (Environmental Crusaders)
Post a Comment